চৰকাৰী ভূমিত থকা বেদখল উচ্ছেদ হ'বই : নগাঁৱৰ দক্ষিণপাটত 'জল জীৱন মিছন'ৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি মুকলি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য।
"চৰকাৰী ভূমিত থকা বেদখল উচ্ছেদ হ'বই । উচ্ছেদ হোৱাত আমি সকলো একমত।অসমখন সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।" উচ্ছেদৰ সপক্ষে বৃহস্পতিবাৰে এইদৰে নিজৰ মত প্ৰকাশ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
আনহাতে কলং নৈ, সোণাই নৈকে ধৰি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চৰকাৰী বিল, জলাশয় আৰু ভূমিত চলা বেদখল উচ্ছেদ কৰিবৰ বাবে বিধায়ক গৰাকীয়ে অসম বিধানসভাত বিষয়টো উপস্থাপন কৰাৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি লগতে কয় যে বেদখলৰ বাবেই নগাঁৱত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে। সেয়ে শীঘ্ৰেই এই বেদখলকাৰীক উচ্ছেদ কৰা হ'ব ।
আনহাতে উচ্ছেদ অভিযান স্তব্ধ হ'ব নালাগে আৰু ইয়াক চলাই যাব লাগে বুলিও বিধায়ক শৰ্মাই মত প্ৰকাশ কৰে। বৃৃৃহস্পতিবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট গাঁও পঞ্চায়তৰ মহমৰীয়া আৰু তুলসী দেউৰী গাঁও পঞ্চায়তৰ দেউৰীগাঁৱত 'জল জীৱন মিছন' আঁচনিৰ অধীনত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পুনৰনিৰ্মাণ কৰা দুটা পানী যোগান আঁচনি ৰাইজৰ বাবে মুকলি কৰি বিধায়ক ৰূপক শৰ্মাই উচ্ছেদ সম্পৰ্কত নিজৰ মত এনেদৰে প্ৰকাশ কৰে।
আনহাতে পানী যোগান আঁচনি দুখন ৰাইজৰ বাবে মুকলি কৰি বিধায়ক শৰ্মাই কয় যে পানীয়ে আমাৰ প্ৰাণ। সুস্থ, সৱল হৈ থাকিবৰ বাবে বিশুদ্ধ পানী সেৱন কৰাটো আমাৰ বাবে অত্যন্তই প্ৰয়োজন। সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাই ঘৰে ঘৰে বিশুদ্ধ পানী লাভ কৰাৰ উদ্দেশ্যে আগত লৈ "জল জীৱন মিছন" শীৰ্ষক এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে।
আনপিনে অসম চৰকাৰৰ কৃষি বিভাগৰ বি জি আৰ ই আই আঁচনিৰ অধীনত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ উৰিয়াগাঁৱত নতুনকৈ নিৰ্মাণ হোৱা এখন মৰণামৰা চোতালো বৃহস্পতিবাৰে কৃষক ৰাইজৰ সুবিধাৰ্থে বিধায়ক ৰূপক শৰ্মাই মুকলি কৰে। বিধায়ক শৰ্মাই খেতিচপোৱাৰ সময়ত এই মৰণা মৰা চোতালৰ জৰিয়তে কৃষক ৰাইজে যথেষ্ট উপকৃত হব পাৰিব বুলি আশা প্ৰকাশ কৰে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|