உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চৰকাৰী মাটি নহয়, নগাঁৱৰ বালিজুৰিত এইবাৰ ম্যাদী পট্টাৰ মাটিত অবৈধ দখল

    চৰকাৰী মাটি নহয়, নগাঁৱৰ বালিজুৰিত এইবাৰ ম্যাদী পট্টাৰ মাটিত অবৈধ দখল

    বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰিছে একাংশ সন্দেহজনক লোকে।

    বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰিছে একাংশ সন্দেহজনক লোকে।

    বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰিছে একাংশ সন্দেহজনক লোকে।

    • Share this:
    যি সময়ত গৰুখুঁটি, লামডিং আদি স্থানত চৰকাৰী ভূমি তথা বনাঞ্চলৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবৰ বাবে চৰকাৰে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে, ঠিক সেই সময়তেই নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজুৰিত পোহৰলৈ আহিছে আন এক চিন্তাজনক বিষয়। এইবাৰ চৰকাৰী মাটি নহয়, বহু সংখ্যক সন্দেহজনক লোকে বসতি স্থাপন কৰিছে ম্যাদী পট্টাৰ মাটিত।

    বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰিছে একাংশ সন্দেহজনক লোকে। চামচকীত প্ৰথম অৱস্থাত কেইজনমান পট্টাদাৰে দুই-এজন লোকক খেতি কৰিবৰ বাবে নিজৰ মাটিত অস্থায়ীভাৱে থকিবলৈ অনুমতি দিছিল যদিও পৰৱৰ্তী সময়ত চাপৰিটোত ভৰি পৰে বহু সংখ্যক সন্দেহজনক লোকৰ পৰিয়ালেৰে।

    আনকি এসপ্তাহ পূৰ্বে চামচকীলৈ আলহী খাবলৈ আহি গৰু-গাইসহ ঘৰ সাজি নিগাজিকৈ বসবাস কৰাৰ চেষ্টা কৰিছিল এটা সন্দেহজনক লোকৰ পৰিয়ালে। ৰাইজে সন্দেহজনক লোকৰ পৰিয়ালসমূহক চাপৰিটো ত্যাগ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো আঁতৰি যাবলৈ প্ৰস্তুত হোৱা নাছিল লোকসকল।

    অৱশেষত নিকটৱৰ্তী ন-দহখন গাঁৱৰ ৰাইজ আৰু গাঁওবুঢ়াসকল একত্ৰিত হৈ আয়োজিত এখন সভাৰ জৰিয়তে সন্দেহজনক লোকসকলৰ প্ৰায় কুৰিটা পৰিয়ালক শীঘ্ৰেই সেই স্থান এৰি যাবলৈ শেষবাৰৰ বাবে প্ৰদান কৰে সকীয়নি। ৰাইজে জানিব বিচৰাৰ পিছতো কোন জিলাৰ পৰা আহিছে আদি সঠিক তথ্য প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা লোকসকলে অৱশ্যে অতি সোনকালে ভাৰে-ভেঁটিয়ে চামচকী ত্যাগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে সমবেত ন-দহ গাঁৱৰ ৰাইজক। আঁতৰি নগ’লে আৰক্ষী তথা প্ৰশাসনৰ জৰিয়তে লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে উপস্থিত ক্ষুদ্ধ ৰাইজে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: