• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ চামগুৰিত চৰকাৰী ভূমিত অবৈধ দখল, প্ৰায় ৫৫ বিঘা ভূমি দখল কৰি বসতি শতাধিক পৰিয়ালৰ

নগাঁৱৰ চামগুৰিত চৰকাৰী ভূমিত অবৈধ দখল, প্ৰায় ৫৫ বিঘা ভূমি দখল কৰি বসতি শতাধিক পৰিয়ালৰ

চামগুৰি গটঙাস্থিত সামাজিক বনানীকৰণৰ চৰকাৰী গেজেং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে একাংশ অপৰিচিত লোকে।

চামগুৰি গটঙাস্থিত সামাজিক বনানীকৰণৰ চৰকাৰী গেজেং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে একাংশ অপৰিচিত লোকে।

চামগুৰি গটঙাস্থিত সামাজিক বনানীকৰণৰ চৰকাৰী গেজেং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে একাংশ অপৰিচিত লোকে।

  • Share this:
বিভাগীয় অমনোযোগিতাৰ সুযোগ বুজি নগাঁৱৰ চামগুৰিত চলিছে চৰকাৰী ভূমিৰ ওপৰত অবৈধ দখল। বিগত দহ-পোন্ধৰ বছৰে শতাধিক পৰিয়ালে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ঘৰ সাজি নিগাজিকৈ বসবাস কৰি অহাৰ পিছতো গা লৰা নাই সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনৰ। অপৰিচিত লোকসকলে অবৈধভাৱে চৰকাৰী ভূমিত খোপনি পোতাক কেন্দ্ৰ কৰি এতিয়া চৰম অসন্তুষ্ট সমীপৱৰ্তী স্থানীয় ৰাইজ।

উল্লেখযোগ্য যে, চামগুৰি গটঙাস্থিত সামাজিক বনানীকৰণৰ চৰকাৰী গেজেং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে একাংশ অপৰিচিত লোকে। ধুবুৰী, মৰিগাঁও, জুৰীয়া, ৰূপহী আদি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি প্ৰায় শতাধিক পৰিয়ালে ৰিজাৰ্ভখনৰ প্ৰায় ৫৫ বিঘা মাটি অবৈধভাৱে দখল কৰি সাঁজিছে ঘৰ-বাৰী, উলিয়াই লৈছে খেতিৰ মাটি। যাক কেন্দ্ৰ কৰি এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে গটঙাৰ ৮নং ৱাৰ্ডৰ তথা সমীপৱৰ্তী ৰাইজে।

প্ৰশাসন তথা বন বিভাগক এই বিশাল চৰকাৰী ভূমি বেদখলৰ বিষয়ে বহুবাৰ অৱগত কৰাৰ পিছতো আজিকোপতি অতি ৰহস্যজনকভাৱে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। এই অজ্ঞাত বেদখলকাৰী পৰিয়ালসমূহৰ বাবেই এতিয়াও নিতৌ বিভিন্ন শংকাৰ মাজত দিন অতিবাহিত কৰিব লগীয়া হৈছে স্থানীয় সমীপৱৰ্তী ৰাইজে।

এই লোকসকলে ৰিজাৰ্ভখনত বসবাস কৰাৰ পিছৰে পৰা বৃহত্তৰ অঞ্চলটোত দিনকদিনে বৃদ্ধি পাইছে চোৰ-ডকাইতিৰ ঘটনা, ড্ৰাগছ-সুৰাৰ আড্ডা, কাটি তহিলং কৰা হৈছে অতি মূল্যবান গছ-বন, বহুকেইটা ৰাজহুৱা অনুষ্ঠানত নিশা হ'লেই চলিবলৈ লৈছে মদ-ভাং-ড্ৰাগছ আৰু জুৱাৰ আড্ডা। বিভিন্ন অসামাজিক কামত লিপ্ত হ'বলৈ লৈছে পৰিয়ালসমূহৰ বিভিন্নজন লোক।

এই সকলোবোৰৰ ফল অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ভোগ কৰিবলগীয়া হোৱাত এতিয়া সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰে বিভিন্নজনে। লগতে চৰকাৰক আহ্বান জনাইছে যে শীঘ্ৰেই চামগুৰিৰ গটঙাৰ এই চৰকাৰী ভূমি বেদখলমুক্ত কৰি ৰিজাৰ্ভখন সুৰক্ষিত কৰাৰ উপৰিও সকাহ প্ৰদান কৰে যেন ভুক্তভোগী সমীপৱৰ্তী ৰাইজক।
Published by:Sanjay Kumar Das
First published: