কেইবাটাও পৰিয়ালে কলং নৈৰ চাপৰিৰ চৰকাৰী ভূমি দখল কৰি মাত্ৰ এমাহৰ ভিতৰতে এখন গাঁৱৰ নিৰ্মাণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে নগাঁৱৰ স্থানীয় ৰাইজক।
কেইবাটাও পৰিয়ালে কলং নৈৰ চাপৰিৰ চৰকাৰী ভূমি দখল কৰি মাত্ৰ এমাহৰ ভিতৰতে এখন গাঁৱৰ নিৰ্মাণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে নগাঁৱৰ স্থানীয় ৰাইজক।
নগাঁও চহৰৰ সমীপৱৰ্তী শিয়ালমাৰীত চৰকাৰী ভূমি বেদখল কৰি মাত্ৰ এমাহৰ ভিতৰতে গঢ়ি উঠিল এখন গাঁও। শিয়ালমাৰীৰ কলং নৈৰ চাপৰিত চৰকাৰী ভূমি বেদখল কৰি কেইবাটাও পৰিয়ালে সাজিছে তৰ্জা-বেৰৰ ঘৰ। জানিব পৰা মতে, এমাহ পূৰ্বে জিলা প্ৰশাসনে ফাঁচী ৰোডত অবৈধভাৱে বেদখল কৰি ঘৰ সজা বহু সন্দেহযুক্ত লোকক উচ্ছেদ কৰিছিল। এই উচ্ছেদিত লোকসকলেই বিগত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত শিয়ালমাৰীৰ চৰকাৰী ভূমি দখল কৰি পুনৰ সাজিছে ঘৰ। ছাইকুল আৰু হাছেম নামৰ দুজন মাটিৰ দালালে প্ৰতিটো পৰিয়ালৰে পৰা ৫০ হাজাৰ টকাকৈ লৈ এই ঠাইত ঘৰ সাঁজিবলৈ অনুমতি দিয়াৰ কথাও সাংবাদিকক জনালে পৰিয়ালকেইটাই।
ইতিমধ্যে কেইবাটাও পৰিয়ালে কলং নৈৰ চাপৰিৰ চৰকাৰী ভূমি দখল কৰি মাত্ৰ এমাহৰ ভিতৰতে এখন গাঁৱৰ নিৰ্মাণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে নগাঁৱৰ স্থানীয় ৰাইজক। ছাইকুল আৰু হাছেমক এজন লাট মণ্ডলেও সহায় কৰা বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে।
ইপিনে যি সময়ত বেদখলকাৰী আৰু মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ভূমিকা লোৱাৰ নিৰ্দেশ দিছে, সেই সময়তে নগাঁও চহৰৰ নিচেই ওচৰতে এইদৰে সন্দেহযুক্ত লোকে বিঘাই বিঘাই চৰকাৰী ভূমি দখল কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰকাৰী ভূমি বেদখল কৰি মাহটোৰ ভিতৰতে গাঁও নিৰ্মাণ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো। তেওঁ শীঘ্ৰেই এই বেদখল উচ্ছেদ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনাব বুলিও সংবাদ মাধ্যমক জনাইছে।
উল্লেখযোগ্য যে, শিয়ালমাৰীত নতুনকৈ গাঁও স্থাপন কৰা লোকসকলে পূৰ্বে নগাঁও চহৰৰ ফাঁচী ৰোডত চৰকাৰী ভূমি বেদখল কৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাইছিল। নগাঁও আৰক্ষীয়ে ফাঁচীৰোডত ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰাৰ পিছতে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই সেই লোকসকলক ফাঁচী ৰোডৰ পৰা উচ্ছেদ কৰি খেদি পঠিয়াইছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|