চিৰাঙত আই নৈৰ পাৰত অবৈধ খনন ৷ ছিঙা মথাউৰিৰ উন্মুক্ত অংশত চলিছে খনন ৷

News18 Assam | News18-Assam
Updated:June 11, 2021, 8:39 AM IST
চিৰাঙত আই নৈৰ পাৰত অবৈধ খনন ৷ ছিঙা মথাউৰিৰ উন্মুক্ত অংশত চলিছে খনন ৷
বিজনীত আই নৈৰ পাৰত চলিছে অবৈধ খনন ৷ নিউজ ১৮ ৰ সাংবাদিক উপস্থিত হোৱাত ডাম্পাৰ - এক্সেভেটৰৰ চালক - হেণ্ডিমেনৰ পলায়ন।

বিজনীত আই নৈৰ পাৰত চলিছে অবৈধ খনন ৷ নিউজ ১৮ ৰ সাংবাদিক উপস্থিত হোৱাত ডাম্পাৰ - এক্সেভেটৰৰ চালক - হেণ্ডিমেনৰ পলায়ন।

  • Share this:
চিৰাং জিলাৰ বিজনীত আইনৈৰ পাৰত চলি থকা অবৈধ খননক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ দ্বৈত ৰেলপথ নিৰ্মাণত জড়িত  প্ৰতিষ্ঠান এটাই অঞ্চলটোত অবৈধ খনন চলাই আছে ৷ আই নৈৰ প্ৰলয়ংকাৰী বানে নোৱাপাৰত ছিঙি নিয়া মথাউৰীৰ উন্মুক্ত অংশত এইদৰে সমাগত বাৰিষাৰ প্ৰাকক্ষণত খনন চলাই থকাত বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ নিদ্ৰা হৰণ হোৱা পৰিলক্ষিত হৈছে ৷

দ্বৈত ৰেলপথ নিৰ্মাণৰ নিৰ্মাণত জড়িত প্ৰতিষ্ঠান এটাই  ডাম্পাৰ -এক্সেভেটৰ  লগাই দিনে নিশাই খনন কাৰ্য অব্যাহত ৰাখিছে ৷ বান খহনীয়াগ্ৰস্থ  এলেকাটোত এইদৰে অবৈধ খননৰ ফলত নৈখনে এইবাৰ বাৰিষাত ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে ৷  ইফালে,অবৈধ খননৰ বাতৰি পৰিবেশনৰ বাবে নিউজ ১৮ ৰ সাংবাদিক উপস্থিত হোৱাত ডাম্পাৰ - এক্সেভেটৰ আদিৰ চালক - হেণ্ডিমেনে বাহন এৰি পলাই পত্ৰং দিয়ে ৷

ছিঙা মথাউৰী মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ চৰকাৰক দাবী জনাই অহিছে যদিও বৰ্তমনলৈকে মথাউৰিটেৰ ছিঙা অংশৰ মেৰামতি নোহোৱাৰ ফলত ৰাইজে ভয় আৰু শংকাৰ মাজত দিন কটাবলগীয়া হৈছে ৷ এনেসময়তে ভূতৰ ওপৰত দানহ পৰা দি মথাউৰিৰ ছিঙা অংশত  অবৈধ খনন চলি থকাত অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰিছে ৷
Published by: Manjumoni Borah
First published: June 11, 2021, 8:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি