உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটা মেডিকেল কলেজ হাস্পতালত তেজৰ অবৈধ বেহা! গ্ৰেপ্তাৰ হোৱা দালালৰ বিস্ফোৰক স্বীকাৰোক্তি

    বৰপেটা মেডিকেল কলেজ হাস্পতালত তেজৰ অবৈধ বেহা! গ্ৰেপ্তাৰ হোৱা দালালৰ বিস্ফোৰক স্বীকাৰোক্তি

    মেডিকেল কলেজ হাস্পতালত মানৱ ৰক্তৰ অবৈধ বেহা চলি থকা ঘটনাটোক লৈ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত এক এজাহাৰ দাখিল কৰে৷

    মেডিকেল কলেজ হাস্পতালত মানৱ ৰক্তৰ অবৈধ বেহা চলি থকা ঘটনাটোক লৈ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত এক এজাহাৰ দাখিল কৰে৷

    মেডিকেল কলেজ হাস্পতালত মানৱ ৰক্তৰ অবৈধ বেহা চলি থকা ঘটনাটোক লৈ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত এক এজাহাৰ দাখিল কৰে৷

    • Share this:
    বৰপেটাত মানৱ দেহৰ ৰক্তৰ অবৈধ ব্যৱসায়৷ এই ব্যৱসায়ৰ সৈতে জড়িত এজন দালালক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে৷ ধৃত দালালজন চিন্ময় দাস ওৰফে লেং৷ বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ নিজ ঘৰৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ দালাল চিন্ময় দাসৰ স্বীকাৰোক্তি – ৰক্তৰ এই অবৈধ ব্যৱসায়ৰ সৈতে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ  ব্লাড বেংকৰ কৰ্মচাৰী ছফিউল হুছেইনৰ লগতে হাস্পতালৰ নাৰ্ছ আৰু বহু কৰ্মচাৰী জড়িত হৈ আছে৷ বৰপেটা চহৰৰ গলিয়া হাটীৰ ধনজিৎ দাস ওৰফে ধন নামৰ যুৱকজনো এই ব্যৱসায়ত জড়িত বুলি উল্লেখ কৰে গ্ৰেপ্তাৰ হোৱা দালালজনে৷

    ইপিনে বৰপেটা মেডিকেল কলেজ হাস্পতালত মানৱ ৰক্তৰ অবৈধ বেহা চলি থকা ঘটনাটোক লৈ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত এক এজাহাৰ দাখিল কৰে৷ আনহাতে, বি এম চি এইচৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৰক্তৰ অবৈধ ব্যৱসায় সম্পৰ্কে উঠা অভিযোগৰ তদন্তৰ বাবে গঠন কৰি দিছে চাৰিজনীয়া তদন্ত সমিতি৷

    ৰেডিঅ'লজী বিভাগৰ মুৰব্বী ডাঃ এম কে ঠাকুৰৰ নেতৃত্বত আৰু হাস্পতালখনৰ উপ–অধীক্ষক ডাঃ তিলক পাঠক, ডাঃ হৰিষাদিত্য দাস আৰু ডাঃ ৰক্তিম বৰগোহাঞিক লৈ গঠন কৰা হৈছে তদন্ত সমিতি৷ তদন্ত সমিতিখনক তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে৷

    বি এম চি এইচৰ অধীক্ষকে জনোৱা মতে, ২০১৮ চনতে ব্লাড বেংকৰ দায়িত্বৰ পৰা আঁতৰোৱা হৈছিল ছফিউল হুছেইনক৷ পিছে হাস্পতালৰ অধীক্ষকগৰাকীৰ অগোচৰে অভিযুক্ত ছফিউলক পুনৰ ব্লাড বেংকৰ দায়িত্বত নিয়োজিত কৰা বুলি বিস্ফোৰক মন্তব্য অধীক্ষকগৰাকীৰ৷
    Published by:Sanjay Kumar Das
    First published: