• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰকীয়া প্ৰেম! মনে মনে ২ লক্ষাধিক টকা সৰকাই, স্বামী আৰু কণমানি সন্তানক এৰি ঘৰৰ পৰা পলায়ন মহিলাৰ!

পৰকীয়া প্ৰেম! মনে মনে ২ লক্ষাধিক টকা সৰকাই, স্বামী আৰু কণমানি সন্তানক এৰি ঘৰৰ পৰা পলায়ন মহিলাৰ!

পৰকীয়া প্ৰেম! সন্তান আৰু স্বামীক এৰি পলায়ন এগৰাকী মহিলাৰ

পৰকীয়া প্ৰেম! সন্তান আৰু স্বামীক এৰি পলায়ন এগৰাকী মহিলাৰ

পৰকীয়া প্ৰেম! সন্তান আৰু স্বামীক এৰি পলায়ন এগৰাকী মহিলাৰ

  • Share this:
পৰকীয়া প্ৰেম! সন্তান আৰু স্বামীক এৰি পলায়ন এগৰাকী মহিলাৰ। নুমলীগড়ত সংঘটিত হৈছে এই ঘটনা। স্বামীৰ বেংক পাচবুকসহ ২লাখ ২০ হেজাৰ টকা চোৰ কৰি ঘৰৰ পৰা উধাও হ’ল মহিলাগৰাকী। যোৰহাট চিনামৰৰ আলটাফ আলী নামৰ এজন যুৱকৰ লগত পলাই যোৱাৰ সন্দেহ পৰিয়াল  আৰু স্থানীয় গাঁওবাসীৰ।

যোৱা শুকুৰবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ অলটাফ আলীৰ লগত ঘৰৰ সোণৰ আ-অলংকাৰ, টকা-পইচা সৰকাই পলাই যায় মহিলাগৰাকী। ইফালে মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়ে যে, কিছুদিনৰ পৰা পলাতক পত্নীয়ে নিৰ্যাতন চলাই আহিছিল তেওঁক। স্বামীৰ পৰা টকা পইচা লৈ যুৱকজনক দিছিল মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত স্বামীয়ে  ইতিমধ্যে ৰুজু কৰিছে এক গোচৰ।
Published by:Himangshu Bhuyan
First published: