গোলাঘাট জিলাৰ সৰুপথাৰৰ এখন গাঁৱত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা৷ গাঁওখনৰে এগৰাকী যুৱতীৰ সৈতে অসামাজিক কাৰ্যত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃৰ গগৈৰ বিৰুদ্ধেই। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গাওঁখনতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে এই ঘচনা পোহৰলৈ অহাৰ পিছতেই গাঁৱখনৰ ৰাইজে যুৱতীগৰাকীক সোধা–পোছা কৰাত যুৱতীগৰাকীয়ে পিতৃৰ নাম উল্লেখ কৰে। লগতে গাঁওবুঢ়াৰ উপস্থিতিত অভিযুক্ত পিতৃক সোধা–পোছা কৰাত সেই কথা স্বীকাৰ কৰে। যুৱতীগৰাকী বৰ্তমান চাৰিমাহৰ অন্তঃসত্ত্বা।
উল্লেখযোগ্য যে, ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য আৰু অভিযুক্তৰ স্বীকাৰোক্তি ম’বাইলৰ কেমেৰাত বন্দী কৰি ৰাখে স্থানীয় ৰাইজে। কিন্তু আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনা অস্বীকাৰ কৰে ভুক্তভোগী যুৱতীৰ পিতৃয়ে। তাৰ বিপৰীতে আন দুজন লোক এই কাৰ্যত লিপ্ত থকাৰ অভিযোগ তুলি সৰুপথাৰ থানাত এজাহাৰ দাখিল কৰে।
ইফালে যুৱতীগৰাকীয়েও পূৰ্বৰ ভাষ্য সলনি কৰি পিতৃয়ে উল্লেখ কৰা লোক দুজন জড়িত থকা বুলিয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। সৰুপথাৰ আৰক্ষীয়ে ইতিমধ্যে পিতৃৰ এজাহাৰৰ ভিত্তিত দুই অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন উঠিছে প্ৰকৃততে কোন সঁচা আৰু কোন মিছা? আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ সত্য৷ এই কাণ্ডই সমগ্ৰ সৰুপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 01, 2020, 15:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।