গ্ৰাহকৰ পৰা ডেৰ-দুইহাজাৰ পৰ্যন্ত ধন লোৱা বুলি অভিযোগ আছিল দুষ্ট চক্ৰটোৰ বিৰুদ্ধে।
গ্ৰাহকৰ পৰা ডেৰ-দুইহাজাৰ পৰ্যন্ত ধন লোৱা বুলি অভিযোগ আছিল দুষ্ট চক্ৰটোৰ বিৰুদ্ধে।
আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত সম্প্ৰতি সক্ৰিয় হৈ পৰিছে দুষ্ট চক্ৰ। বিভাগীয়ভাৱে আধাৰ কাৰ্ড বনোৱা বন্ধ যদিও চিৰাং জিলাৰ বিজনীৰ ৩নং দক্ষিণ মাক্ৰাত এচাম দুষ্টচক্ৰই চলাই গৈছিল আধাৰ কাৰ্ডৰ অবৈধ ব্যৱসায়। বৰপেটাৰ ID ব্যৱহাৰ কৰি অবৈধভাৱে আধাৰ কেন্দ্ৰ স্থাপন কৰি স্থানীয় এগৰাকী মহিলাৰ সহযোগত বৰপেটাৰ হাউলীৰ হাজিপাৰা নিবাসী আবুল কালাম আজাদে চলাই গৈছিল অবৈধ বেহা। গ্ৰাহকৰ পৰা ডেৰ-দুইহাজাৰ পৰ্যন্ত ধন লোৱা বুলি অভিযোগ আছিল দুষ্ট চক্ৰটোৰ বিৰুদ্ধে।
এই খবৰ লাভ কৰি বল্লমগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্ধেশ্বৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ৩নং দক্ষিণ মাক্ৰাস্থিত অবৈধ আধাৰ কেন্দ্ৰটোত অভিযান চালাই আধাৰ কাৰ্ড বনোৱাত ব্যৱহৃত প্ৰিণ্টাৰ, স্কেনাৰ, ফিংগাৰ প্ৰিণ্ট থাম্প, আই ৰিছ, আধাৰ কাৰ্ডৰ যাৱতীয় নথিপত্ৰসহ AS 15N 6136 নম্বৰৰ এখন বাজাজ CT100 বাইক জব্দ কৰিবলৈ সক্ষম হয় যদিও অবৈধ চক্ৰটো পলাই সাৰিবলৈ সক্ষম হয়। পিছত নিশাৰ ভাগতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত বৰপেটাৰ হাউলীৰ হাজিপাৰাৰ নিজ গৃহৰ পৰা এটা লেপটপসহ শোৱাপাটিৰ পৰাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত আবুল কালাম আজাদক। আনহাতে আনগৰাকী মহিলা অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|