
দক্ষিণ কামৰূপৰ আমৰঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় অমৰজ্যোতি ভাগৱতী নামৰ এই শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত সোমাই কিদৰে মেজৰ ওপৰত বহি ছাত্ৰ-ছাত্ৰীক শিক্ষা দিছে
দক্ষিণ কামৰূপৰ আমৰঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় অমৰজ্যোতি ভাগৱতী নামৰ এই শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত সোমাই কিদৰে মেজৰ ওপৰত বহি ছাত্ৰ-ছাত্ৰীক শিক্ষা দিছে
শিক্ষা বৃত্তি আৰু শিক্ষকসকলক যিমানেই মহান বুলি আপুনি নকওক কিয় একাংশ শিক্ষকে সিমানেই এই মহান বৃত্তিটোত কালিমা সানি আহিছে। এজন শিক্ষকৰ ভিডিঅ' ভাইৰেল (Viral Video of Teacher) হৈছে যি ভিডিঅ'ই শিক্ষকসমাজকো লজ্জানত কৰিছে। দক্ষিণ কামৰূপ (South Kamrup)ৰ আমৰঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন শিক্ষকৰ কাণ্ডই লজ্জান্নত কৰিলে দক্ষিণ কামৰূপবাসীক ।
অমৰজ্যোতি ভাগৱতী নামৰ এই শিক্ষকজনে শ্ৰেণীকোঠাত কিদৰে মেজৰ ওপৰত বহি (Teacher sits on Table) ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আছে চাওক। দক্ষিণ কামৰূপৰ শিক্ষাৰ ক্ষেত্ৰখনত অগ্ৰণি ভূমিকা গ্ৰহণ কৰি অহা আমৰঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমা ভৰিৰে মোহাৰি পেলালে এইজন শিক্ষকে। কোনো ছাত্ৰই এই দৃশ্য মোবাইলত বন্দী কৰাৰ পিছত চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
শিক্ষকতাৰ দৰে মহান বৃত্তিৰ প্ৰতি একাংশ লোকৰ শ্ৰদ্ধা কমি অহাৰ কাৰণ এনেবোৰ শিক্ষকেই নেকি? অমৰজ্যোতি ভাগৱতীৰ দৰে শিক্ষকে ছাত্ৰ-ছাত্ৰীক কি জ্ঞান দিব তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|