যৌন নিৰ্যাতনৰ জঘন্য ঘটনাই পুনৰ কালিমা সানিলে IIT-Guwahatiৰ গৰিমাত। শনিবাৰে পোহৰলৈ আহিল এই জঘন্য ঘটনা। হোলীৰ আনন্দ-উল্লাসৰ মাজতে IIT-Guwahatiত ২৮ মাৰ্চৰ নিশা সংঘটিত হৈছিল এই জঘন্য ঘটনা। ২৮ মার্চৰ দিনা মাজনিশা শিক্ষানুষ্ঠানখনত অধ্যয়নৰত গুজৰাটৰ এগৰাকী ছাত্রী হোষ্টেলৰ বাহিৰত মূর্ষু অৱস্থাত উদ্ধাৰ হয়। আৰু ইয়াৰ পিছতে ছাত্রীগৰাকী দলবদ্ধ ধর্ষণৰ বলি হোৱা ঘটনা পোহৰলৈ আহে৷
এখন মিটিং আছে বুলি কেইগৰাকীমান জ্যেষ্ঠ ছাত্ৰই সন্ধিয়া মাতি নিছিল ছাত্ৰীগৰাকীক। তাৰ পিছতে এজন ছাত্ৰই কিবা কথা বুজোৱাৰ চলেৰে ছাত্ৰীগৰাকীক একাষৰীয়াকৈ মাতি লৈ যায়। কথা পাতি থকাৰ মাজতে ছাত্ৰজনে সুৰা যাচিছিল ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীয়ে সুৰা সেৱন কৰিবলৈ অমান্তি হোৱাত বলপূৰ্বক খুৱাই দিছিল জ্যেষ্ঠ ছাত্ৰজনে।
পিছত মুমূর্ষু ছাত্রীগৰাকীক উদ্ধাৰ কৰি জি এম চি এইচলৈ প্রেৰণ কৰা হৈছিল যদিও ধর্ষণৰ ঘটনা হোৱা হেতুকে ছাত্ৰীগৰাকীক আই আই টি গুৱাহাটীৰ হাস্পতালত ভর্তি কৰোৱা হয়৷
ইয়াৰ পাছতে উত্তৰ গুৱাহাটী থানাৰ আৰক্ষীৰ পৰামর্শমর্মে শনিবাৰে আমিনগাঁও আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ ৩৬৭ (ধর্ষণ) ধাৰা ৫৫/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি IIT-Guwahatiৰে ৰসায়ন বিজ্ঞান বিভাগৰ উৎসৱ কদম নামৰ এজন জ্যেষ্ঠ ছাত্রক গ্রেপ্তাৰ কৰিছে। ধৃত ছাত্রজনৰ ঘৰ মহাৰাষ্ট্রত বুলি জানিব পৰা গৈছে ৷ ধৃত ছাত্রজনক আৰক্ষীয়ে আদালতত হাজিৰ কৰাত আদালতে কাৰাগাৰলৈ প্রেৰণ কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 04, 2021, 19:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।