• Home
  • »
  • News
  • »
  • assam
  • »
  • স্বামীৰ অত্যাচাৰত থাকিব নোৱাৰি মোমায়েকৰ ঘৰত আশ্ৰয় ল’লে মহিলাই, ভিক্ষুকৰ বেশত আহি ছুৰীৰে হত্যাৰ চেষ্টা স্বামীৰ

স্বামীৰ অত্যাচাৰত থাকিব নোৱাৰি মোমায়েকৰ ঘৰত আশ্ৰয় ল’লে মহিলাই, ভিক্ষুকৰ বেশত আহি ছুৰীৰে হত্যাৰ চেষ্টা স্বামীৰ

স্থানীয় দুগৰাকী মহিলাৰ সৈতে কথা পাতি থকা অৱস্থাত ভিক্ষুকৰ বেশত আহি আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ কৰে পত্নীয়ে।

স্থানীয় দুগৰাকী মহিলাৰ সৈতে কথা পাতি থকা অৱস্থাত ভিক্ষুকৰ বেশত আহি আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ কৰে পত্নীয়ে।

স্থানীয় দুগৰাকী মহিলাৰ সৈতে কথা পাতি থকা অৱস্থাত ভিক্ষুকৰ বেশত আহি আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ কৰে পত্নীয়ে।

  • Share this:
হোজাই জিলাৰ ডবকাত পত্নীৰ ওপৰত নিৰ্মম আক্ৰমণ এজন লোকৰ। ভিক্ষুকৰ বেশত আহি হাতত ছুৰী লৈ পত্নীক উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কেইবছৰমান পূৰ্বে মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৈয়নী গাঁৱৰ নুৰুল ইছলামে এগৰাকী যুৱতীক বিয়া কৰাইছিল। বিবাহৰ কেইমাহমান পিছৰেপৰা পত্নীক শাৰীৰিক–মানসিকভাৱে অত্যাচাৰ আৰম্ভ কৰে নজৰুলে। মহিলাগৰাকীয়ে উপায়হীন হৈ প্ৰথমে মোৰাঝাৰ কপাহবাৰীত থকা খুৰাকৰ ঘৰত আশ্ৰয় লয় যদিও তাতো স্বামীয়ে গৈ অত্যাচাৰ চলায়।

পুনৰ মহিলাগৰাকীয়ে মোমায়েকৰ ডবকাৰ ঘৰত আশ্ৰয় লৈ থকা সময়ত যোৱা ৯ জুলাইত ডবকাৰ বুঢ়ীগাঁৱত স্বামী নজৰুল হকে ভিক্ষুকৰ বেশত উপস্থিত হয়। ভুক্তভোগী মহিলাগৰাকীয়ে অন্য দুগৰাকী মহিলাৰ সৈতে কথা পাতি থকাৰ সময়তেই নজৰুলে বেগৰ পৰা ছুৰী উলিয়াই পত্নীক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ চেষ্ঠা চলায়।

পত্নীয়ে  চিঞৰ-বাখৰ কৰাত স্থানীয় লোকৰ সমগম হোৱাত খেদি খেদি  নজৰুল ইছলামক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। স্থানীয় লোকে নজৰুল ইছলামক ধৰি উত্তম-মাধ্যম দি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ চমজি লয়। নজৰুলক স্থানীয় লোকে সোধা-পোছা কৰাত পত্নীয়ে অন্য পুৰুষৰ লগত অসৎ কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰে। যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে নজৰুল হকে।

ইপিনে নজৰুল ইছলামৰ অভিযোগ অস্বীকাৰ কৰে পত্নীয়ে। স্থানীয় দুগৰাকী মহিলাৰ সৈতে কথা পাতি থকা অৱস্থাত ভিক্ষুকৰ বেশত আহি আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ কৰে পত্নীয়ে। পূৰ্বেও স্বামী নজৰুল ইছলামে কেবাবাৰো আক্ৰমণ কৰি হত্যাৰ চেষ্ঠা চলোৱাৰ অভিযোগ পত্নীৰ। ঘটনা সংক্ৰান্তত নজৰুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে পত্নীয়ে।পত্নীৰ গোচৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰে নজৰুলক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি