உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Taliban Supporters in Assam : তালিবানক সমৰ্থন জনোৱা সকল আফগানিস্তানত গৈ থাকক, তেওঁলোক ভাৰতবৰ্ষৰ শত্ৰু : সাংসদ দীলিপ শইকীয়া

    Taliban Supporters in Assam : তালিবানক সমৰ্থন জনোৱা সকল আফগানিস্তানত গৈ থাকক, তেওঁলোক ভাৰতবৰ্ষৰ শত্ৰু : সাংসদ দীলিপ শইকীয়া

    তালিবানে কাবুল দখল কৰাৰ পিছতে অসমত ২৪ ঘণ্টাত গ্ৰেপ্তাৰ হৈছিল তালিবানক সমৰ্থন কৰা MBBSৰ ছাত্ৰ, শিক্ষক আৰু আৰক্ষী জোৱান। অসমত গ্ৰেপ্তাৰ হৈছিল মুঠ ১৪ জন তালিবান সমৰ্থক।

    তালিবানে কাবুল দখল কৰাৰ পিছতে অসমত ২৪ ঘণ্টাত গ্ৰেপ্তাৰ হৈছিল তালিবানক সমৰ্থন কৰা MBBSৰ ছাত্ৰ, শিক্ষক আৰু আৰক্ষী জোৱান। অসমত গ্ৰেপ্তাৰ হৈছিল মুঠ ১৪ জন তালিবান সমৰ্থক।

    তালিবানে কাবুল দখল কৰাৰ পিছতে অসমত ২৪ ঘণ্টাত গ্ৰেপ্তাৰ হৈছিল তালিবানক সমৰ্থন কৰা MBBSৰ ছাত্ৰ, শিক্ষক আৰু আৰক্ষী জোৱান। অসমত গ্ৰেপ্তাৰ হৈছিল মুঠ ১৪ জন তালিবান সমৰ্থক।

    • Share this:
    অসমত তালিবানৰ ১৪ জন সমৰ্থক (Taliban Supporters in Assam) গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকোল দল-সংগঠনেই ঘোৰ বিৰোধিতা কৰিছে এই দেশদ্ৰোহজনক কাৰ্যৰ। বিজেপিৰ সাংসদ দিলীপ শইকীয়া (Dilip Saikia)ইও কঠোৰ ভাষাৰে সমালোচনা কৰিছে  তালিবানৰ সমৰ্থকসকলক।

    সাংসদ দিলীপ শইকীয়াই কয়, "তেওঁলোকে যদি জানি-বুজি এই ধৰণৰ কাণ্ড কৰিছে তেওঁলোক ভাৰতবৰ্ষৰ শত্ৰু। তেওঁলোকৰ যদি আফগানিস্তান (Afghanistan)ৰ প্ৰতি, তালিবান (Taliban)ৰ প্ৰতি ইমানেই সমৰ্থন আছে তেনেহ'লে তওঁলোক আফগানিস্তানলৈ গৈ তালিবানৰ সৈতে থাকক। তাৰে নাগৰিকত্ব লওঁক । ইয়াত যাতে অশান্তি নিবিয়পাব । ভাৰতবৰ্ষৰ একতা আখণ্ডতাৰ প্ৰতি বাহ্যিক শক্তিক যাতে উৎসাহিত নকৰে তাৰ প্ৰতি সকলোকে সতৰ্ক কৰি দিছোঁ।"

    সাংসদ শইকীয়াই আকৌ কয়, "যি সময়ত সমগ্ৰ বিশ্ব আফগানিস্তানৰ ৰাজনৈতিক অৱস্থাক লৈ উদ্বিগ্ন হৈছে, যি ধৰণে মানৱতাৰ ওপৰত অত্যাচাৰ চলিছে, যিটো নৃশংস পৰিবেশৰ সৃষ্টি হৈছে এয়া মানৱতাৰ বাবে অশনি সংকেত আৰু এই তালিবনক যি সকলে সমৰ্থন কৰিছে সেই সকল মানৱতাৰ শত্ৰু। দৰং জিলাতো অগ্ৰণী, সমাজৰ আগস্থানত থকা লোক সকলে তালিবানক সমৰ্থন জনাইছে। তালিবানৰ সমৰ্থন জনোৱা সকল ভাৰতবৰ্ষৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অৱস্থান কৰিছে আৰু সেই কাৰণে সেই সকলৰ বিৰুদ্ধে আইনী ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"

    মঙ্গলদৈত সংবাদ মাধ্যমৰ আগত সাংসদ শইকীয়াই সকলোকে তালিবানিক সমৰ্থন জনোৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । উল্লেখ্য যে তালিবানে কাবুল দখল কৰাৰ পিছতে অসমত পোহৰলৈ আহিছে তালিবান সমৰ্থনৰ ভয়ংকৰ ছবি। অসমত  ২৪ ঘণ্টাত গ্ৰেপ্তাৰ হৈছিল তালিবানক সমৰ্থন কৰা MBBSৰ ছাত্ৰ, শিক্ষক আৰু আৰক্ষী জোৱান। অসমত গ্ৰেপ্তাৰ হৈছিল মুঠ ১৪ জন তালিবান সমৰ্থক।
    Published by:Manjumoni Borah
    First published: