• Home
  • »
  • News
  • »
  • assam
  • »
  • মিঞা কবিতা–মিউজিয়ামক সমৰ্থন কৰিলে নাপাব চাকৰি! চৰকাৰে দিব লগা ১ লাখ চাকৰিক লৈ এটা সংগঠনৰ অনুৰোধ

মিঞা কবিতা–মিউজিয়ামক সমৰ্থন কৰিলে নাপাব চাকৰি! চৰকাৰে দিব লগা ১ লাখ চাকৰিক লৈ এটা সংগঠনৰ অনুৰোধ

সংগঠনটোৰ অনুৰোধ– অসম চৰকাৰে দিব লগা এক লাখ চাকৰিৰ ভিতৰত এটাও যাতে মিঞা কবিতা, মিঞা মিউজিয়াম সমৰ্থনকাৰী আৰু জনসংখ্যা বিস্ফোৰণকাৰী নাথাকে।

  • Share this:

নতুনকৈ শাসনভাৰ লোৱা মিত্ৰজোঁট চৰকাৰৰ এটা লক্ষ্য আছিল ৰাজ্যখনত অনতিপলমে ১ লাখ নিবনুৱাৰ সংস্থাপন। সেই মতে চৰকাৰখনে নিযুক্তিৰ দিশত কিছু আগবঢ়াও পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ সময়তে জনসংখ্যা সমাধান ফাউণ্ডেশ্বনৰ অসম প্ৰান্তে চৰকাৰলৈ এক অনুৰোধ কৰিছে। সংগঠনটোৱে অসম চৰকাৰে দিব লগা এক লাখ চাকৰিৰ ভিতৰত এটাও যাতে মিঞা কবিতা, মিঞা মিউজিয়াম সমৰ্থনকাৰী আৰু জনসংখ্যা বিস্ফোৰণকাৰী নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছে।

আনহাতে সংগঠনটোৱে ৰাজ্য চৰকাৰক জনোৱা এই অনুৰোধৰ কথা আজি সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈ সকলো Facebook, Twitter ব্যৱহাৰকাৰী social media আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্বনৰ যোদ্ধাক নিজৰ নিজৰ টাইম লাইনত পোষ্ট কৰি এক ঢৌ তুলিবলৈ আহ্বান জনায়। সেইমতে বহুতে মিঞা কবিতা, মিঞা মিউজিয়াম সমৰ্থনকাৰী আৰু জনসংখ্যা বিস্ফোৰণকাৰীক চাকৰি নিদিয়াৰ ক্ষেত্ৰত সমৰ্থন ব্যক্ত কৰি social mediaত প্ৰচাৰো কৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি