• Home
  • »
  • News
  • »
  • assam
  • »
  • ''আলফাত গৈ লাভ নাই, আলফালৈ গ'লে আকৌ ঘূৰি আহিব লাগে'' - নগাঁৱত হোটেল মুকলি কৰি ক'লে জুবিন গাৰ্গে

''আলফাত গৈ লাভ নাই, আলফালৈ গ'লে আকৌ ঘূৰি আহিব লাগে'' - নগাঁৱত হোটেল মুকলি কৰি ক'লে জুবিন গাৰ্গে

অভিনেতা ৰবি শৰ্মাৰ নতুন চলচ্চিত্ৰ 'ৰাঘৱ'ক লৈ আশাবাদী বুলি প্ৰকাশ কৰে জুবিন গাৰ্গ আৰু যতীন বৰাই।

অভিনেতা ৰবি শৰ্মাৰ নতুন চলচ্চিত্ৰ 'ৰাঘৱ'ক লৈ আশাবাদী বুলি প্ৰকাশ কৰে জুবিন গাৰ্গ আৰু যতীন বৰাই।

অভিনেতা ৰবি শৰ্মাৰ নতুন চলচ্চিত্ৰ 'ৰাঘৱ'ক লৈ আশাবাদী বুলি প্ৰকাশ কৰে জুবিন গাৰ্গ আৰু যতীন বৰাই।

  • Share this:
নগাঁও চহৰত আজিৰে পৰা মুকলি হ'ল 'ঋষিৰাজ হোটেল' নামৰ এখন অভিজাত হোটেল এণ্ড ৰেষ্টুৰেন্ট।   চহৰখনৰ পানীগাঁও চাৰিআলিত আজি এই  আধুনিক হোটেলখন উদ্বোধন কৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, ধিং এক্সপ্ৰেছ খ্যাত প্ৰতিভাৱান খেলুৱৈ হিমা দাস, বিশিষ্ট আভিনেতা যতীন বৰা আৰু কন্ঠশিল্পী কৃষ্ণমণি নাথে।

জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ  লগতে উপস্থিত বিশিষ্ট অতিথিসকলে ঋষিৰাজ হোটেলে গ্ৰাহকৰ চহিদা পূৰণ কৰি সকলো দিশত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে।

আনহাতে শিল্পী জুবিন গাৰ্গে ঋষিৰাজ হোটেলৰ এটি ৱেবছাইটো মুকলি কৰে। ঋষিৰাজ হোটেলৰ পৰিচালন সঞ্চালিকা তথা সমাজ কৰ্মী নৱনীতা শৰ্মাই আমন্ত্ৰিত অতিথিসকলক আদৰণি জনোৱাৰ লগতে ২০০৭ বৰ্ষতে এক পৰিকল্পনা কৰা ঋষিৰাজ হোটেল আজি মুকলি কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি মন্তব্য কৰে।

কিছু ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ কৰা হোটেলখনক ৰাইজে আঁকোৱালি ল'ব বুলি পৰিচালন সঞ্চালিকাগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখ্য যে গ্ৰাহকৰ চাহিদা অনুসৰি দেশী আৰু বিদেশী উন্নত মানৰ খাদ্য সম্ভাৰ এই হোটেলখনত উপলব্ধ হোৱাৰ লগতে নৈশ যাপনৰ ব্যৱস্হা থকা এই হোটেলখনত আধুনিক বিউটী পাৰ্লাৰ , লণ্ড্ৰী, ৱাইন বাৰ, ৰেষ্টুৰেন্ট আদিও সংলগ্ন হৈ আছে।

উদ্বোধনী অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, হোটেলখনৰ নিৰ্মাণকাৰ্যত জড়িত আৰ্কিটেকদ্বয় ৰিতুল শৰ্মা আৰু আল্পনা শৰ্মাৰ লগতে সহযোগিতা আগবঢ়োৱা গাৰ্গী শৰ্মা আৰু আশোক আৰ্যক হোটেল কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে।

হোটেল উদ্বোধনী অনুষ্ঠানত ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সহধৰ্মিণী তথা ঋষিৰাজ হোটেলৰ পৰিচালন সঞ্চালিকা নৱনীতা শৰ্মা এগৰাকী উদ্যোগী মহিলা হোৱাৰ লগতে সমাজকৰ্মীও। ইপিনে  শীঘ্রে কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰিব বুলি শিল্পী জুবিন গাৰ্গে সাংবাদ মাধ্যমক জানিবলৈ দিয়ে।

মুক্তিলাভ কৰিব লগা 'ৰাঘৱ' নামৰ কথাছবিখনক লৈ শিল্পী জুবিন গাৰ্গৰ লগতে অভিনেতা যতীন বৰা যথেষ্ট আশাবাদী। আনহাতে আলফা সন্দৰ্ভত সাংবাদিকৰ আগত জুবিন গাৰ্গে কয় যে আলফালৈ গ'লে  ঘূৰি আহিব লাগে। সেয়ে আলফালৈ গৈ লাভ নাই। আনহাতে ক'ভিডৰ বাবে ২টা বছৰ অসমীয়া ছবি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল যদিও শীঘ্ৰে অসমীয়া ছবিৰ ভালদিন ঘূৰি আহিব বুলিও মন্তব্য কৰে জুবিনে। ইপিনে জনপ্ৰিয় অভিনেতা তথা পৰিচালক যতীন বৰায়ো তেওঁৰ নতুন ছবি ৰাঘৱক লৈ যথেষ্ট আশাবাদী বুলি সংবাদ মাধ্যমক জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি