• Home
  • »
  • News
  • »
  • assam
  • »
  • তৰুণ গগৈ পুনৰ মুখ্যমন্ত্ৰী হ'লে আজমল গৃহমন্ত্ৰী হ'ব, গগৈ মন্ত্ৰীসভাত আৰু কোন কোন থাকিব?

তৰুণ গগৈ পুনৰ মুখ্যমন্ত্ৰী হ'লে আজমল গৃহমন্ত্ৰী হ'ব, গগৈ মন্ত্ৰীসভাত আৰু কোন কোন থাকিব?

File Photo

File Photo

বিধানসভাত কংগ্ৰেছৰ গেলেৰীত সৰু সৰু বহু আজমল আছে: হিমন্ত

  • Share this:
ৰাজ্যসভাৰ তৃতীয়খন আসনক লৈ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ শাসকীয় BJP এতিয়া সৰৱ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বদৰুদ্দিন আজমলৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি কৈ গগৈ পুনৰ মুখ্যমন্ত্ৰী হ'লে আজমল গৃহমন্ত্ৰী হ'ব বুলি কটাক্ষ কৰে ৷ কিন্তু হিমন্তৰ এনেধৰণৰ কথাত নাৰাজ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ ৷

BJP-BPF-AGPৰ মিত্ৰজোঁটৰ হৈ দ্বিতীয়খন আসনত BPFৰ হৈ সাংসদ বিশ্বজিত দৈমাৰীয়ে বুধবাৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷ এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, BTC প্ৰধান হাগ্ৰামা মহিলাৰী সহ বহুসংখ্যক মন্ত্ৰী-বিধায়ক ৷ দৈমাৰীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়তে নতুন দিল্লীত কংগ্ৰেছ-AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ নাম ৷

ইয়াৰ পিছতে কংগ্ৰেছ-AIUDFৰ বিৰুদ্ধে সৰৱ হৈ উঠিল NEDAৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্তই ক'লে, ‘গোটেই নাটকবিলাক হৈছে এসময়ত বদৰুদ্দিন আজমলৰ দৰে কোনোবা এজন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'বৰ বাবে ৷ এতিয়া সেইদিশতে নাটকবোৰ চলিছে ৷ এনেদৰে আগবাঢ়িছে যে, অসমত মৌলবাদীৰ শাসন চলিবলৈ একাংশই ষড়যন্ত্ৰ কৰিছে ৷”

“আজমল এসময়ত মুখ্যমন্ত্ৰী হ'ব” বুলি মন্ত্ৰী হিমন্তই কটাক্ষ কৰাৰ পিছতেই হিমন্তক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ গগৈয়ে ক'লে, ‘মই আত্মসমৰ্পণ কৰা মানুহ নহয় ৷’ হিমন্তই য'তে ততে আত্মসমৰ্পণ কৰে ৷ কাৰ কাৰ ওচৰত হিমন্তই আত্মসমৰ্পণ কৰা নাই? হিতেশ্বৰ শইকীয়াৰ ওচৰত কৰিছিল আত্মসমৰ্পণ ৷ এতিয়া BJPলৈ গৈ আত্মসমৰ্পণ কৰিছে।’

কংগ্ৰেছক এনেদৰে আক্ৰমণ কৰি এইবাৰ মন্ত্ৰী হিমন্তই দিলে এক তালিকা ৷ হিমন্তৰ তালিকা মতে তৰুণ গগৈ পুনৰ মুখ্যমন্ত্ৰী হ'লে, “গগৈৰ মন্ত্ৰীসভাত আজমল হ'ব গৃহমন্ত্ৰী ৷ মন্ত্ৰীসভাত ৰকিবুল হুছেইন হ'ব কৃষিমন্ত্ৰী, ছিৰাজুদ্দিন আজমল গড়কাপ্তানী মন্ত্ৰী হ'ব, আজেদ আলী চৌধুৰী সমাজ কল্যান মন্ত্ৰী হ'ব ৷ ভাল চলিব অসম ৷ আৰু তেনেকুৱা অসমততো থাকিব নোৱাৰি নহয় ৷”

হিমন্তৰ এই কটাক্ষত এইবাৰ জাঙুৰ খাই উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ গগৈয়ে কৈয়ে দিলে, “মই আজমলক মুখ্যমন্ত্ৰী নাপাতো ৷ মই আজমলক নাপাতো বুলি কৈছোতো ৷ মই মানে মই নহয়, কংগ্ৰেছে নাপাতে আজমলক মুখ্যমন্ত্ৰী ৷”
Published by:Himangshu Bhuyan
First published: