‘আৰু সহিবলৈ নাই, কোনোবাই বিজেপি কৰ্মীৰ এটা ঘৰ জ্বলালে, আপোনালোকে ১০টা ঘৰ জ্বলাব’

News18 Assam | News18-Assam
Updated:December 27, 2019, 3:32 PM IST
‘আৰু সহিবলৈ নাই, কোনোবাই বিজেপি কৰ্মীৰ এটা ঘৰ জ্বলালে, আপোনালোকে ১০টা ঘৰ জ্বলাব’
সমাজৰ চোৰ, বদমাচ,গুন্দা, দুস্কৃতিকাৰী ১০, ১২ টাৰ ভয়ত বিজেপি কৰ্মীক ঘৰত সোমাই নাথাকিবলৈও ক’লে মৃণাল শইকীয়াই

সমাজৰ চোৰ, বদমাচ,গুন্দা, দুস্কৃতিকাৰী ১০, ১২ টাৰ ভয়ত বিজেপি কৰ্মীক ঘৰত সোমাই নাথাকিবলৈও ক’লে মৃণাল শইকীয়াই

  • Share this:
ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে। তাৰ মাজতে বিজেপিয়েও ৰাজ্যলৈ শান্তি,  প্ৰগতি ঘূৰাই অনাৰ শ্লোগানেৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে। ইয়াৰ মাজতে চাবুৱাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত এখন সভাত খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই এক উচতনিমূলক মন্তব্য কৰাৰ অভিযোগ উঠিছে।

বিজেপি কৰ্মীক উদ্দেশ্যি বিজেপি বিধায়ক মৃণাল শইকীয়াই কয় যে, ‘আৰু বহি নাথাকিব, সহ্য বহুত কৰা হ’ল। এতিয়াৰ পৰা যদি কোনোবাই বিজেপি কৰ্মীৰ এটা ঘৰ জ্বলাই, তেন্তে আপোনালোকে দহটা ঘৰ জ্বলাব। যদি এজন বিজেপি কৰ্মীৰ গাত হাত দিয়ে তেন্তে আপোনালোকে ১০ জনৰ গাত হাত দিয়ক। আমাৰ মানুহ বেছি আছে, অসমবাসী আমাৰ লগত আছে। ১০–১২টা দুষ্কৃতিকাৰী, গুণ্ডাৰ ভয়ত ঘৰত সোমাই থাকিব নালাগে।’

কি কৈছিল মৃণাল শইকীয়াই :

আৰু চাওক
পৰৱৰ্তী বাতৰি