শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সাধাৰণ সম্পাদক শৃংখল চলিহাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আগন্তুক মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত জাতীয়বাদী শিৱিৰৰ নেতাক বীৰ লাচিত সেনাই সমৰ্থন জনাব বুলি জানিবলৈ দিয়ে। কিন্তু আমছুৰ সাম্প্ৰদায়িক নেতাক আশ্ৰয় দিলে ৰাইজৰ দলক কোনো কাৰণত সহযোগ নকৰে বুলি স্পষ্টকৈ জনাই দিয়ে শৃংখল চলিহাই।
সংবাদমেলত শৃংখল চলিহাৰ লগতে উপস্থিত থাকে সংগঠনটোৰ নেতা ৰন্তু পাণি ফুকন। সংবাদ মাধ্যমৰ আগত আগন্তুক মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনত মূল যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত হ'ব বুলি উল্লেখ কৰে ফুকনে। ৰন্তুপাণি ফুকনে আনকি কয় যে, 'হিমন্ত বিশ্ব শৰ্মাি বিকল্প বুলি বহুতে অখিল গগৈক ভাবিবলৈ লৈছে। গতিকে জাতীয়তাবাদী ভাবধাৰাৰে ৰাইজৰ দলক আগবঢ়াই নিব লাগে। কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিৰ ক্ষেত্ৰত আপোচ কৰিলে দলটোৰ ভৱিষ্যত নাথাকিব। লগতে বীৰ লাচিত সেনাইয়ো কোনো কাৰণতে সহযোগ নকৰিব।'
সংবাদমেলত শৃংখল চলিহাই লগতে কয় যে, 'বীৰ লাচিত সেনাই কোনো কাৰণতে সাম্প্ৰদায়িক শক্তিৰ ক্ষেত্ৰত আপোচ নকৰে। যিদৰে শিলাদিত্য দেৱক বীৰ লাচিত সেনাই মানি লব নোৱাৰে, সেইদৰে আজিজুৰ ৰহমানকো মানি লব নোৱাৰে। অখিল গগৈক বহু কষ্টৰে শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰোৱা হৈছে। আজিজুৰৰ দৰে নেতাৰ বাবে শিৱসাগৰৰ মুছলমান ৰাইজে অখিল গগৈক ভোট দিয়া নাই। খিলঞ্জীয়া মুছলমান লোকৰ সমৰ্থন লাভ কৰিছে অখিল গগৈয়ে। যদি ৰাইজৰ দলে আমছুৰ দৰে সংগঠনৰ নেতাক আশ্ৰয় দিয়ে তেন্তে বীৰ লাচিত সেনাই প্ৰয়োজনত ৰাজনৈতিক দল গঠন কৰিবলৈ বাধ্য হব।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 09, 2021, 14:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।