শাসনলৈ আহিলে ঘূৰাই আনিব বিশেষ ৰাজ্যৰ মৰ্যদা, ৰাজহুৱা কৰিলে ৰাইজৰ দলৰ সংবিধানৰ খচৰা

News18 Assam | News18-Assam
Updated:October 17, 2020, 6:35 PM IST
শাসনলৈ আহিলে ঘূৰাই আনিব বিশেষ ৰাজ্যৰ মৰ্যদা, ৰাজহুৱা কৰিলে ৰাইজৰ দলৰ সংবিধানৰ খচৰা
অসম চুক্তি ৬ নং দফাত উল্লেখিত সামাজিক, সাংস্কৃতিক, ভাষিক, ঐতিহ্য সুৰক্ষাৰ উপৰিও অসম চুক্তিত উল্লেখ নথকা অৰ্থনৈতিক, ৰাজনৈতিক সুৰক্ষাৰ বাবে সাংবিধানিক আৰু আইনগত সুৰক্ষা কৱচ নিশ্চিত কৰিব ৰাইজৰ দলে ৷

অসম চুক্তি ৬ নং দফাত উল্লেখিত সামাজিক, সাংস্কৃতিক, ভাষিক, ঐতিহ্য সুৰক্ষাৰ উপৰিও অসম চুক্তিত উল্লেখ নথকা অৰ্থনৈতিক, ৰাজনৈতিক সুৰক্ষাৰ বাবে সাংবিধানিক আৰু আইনগত সুৰক্ষা কৱচ নিশ্চিত কৰিব ৰাইজৰ দলে ৷

  • Share this:
‘বিজেপিয়ে কৰ্তন কৰা বিশেষ ৰাজ্যৰ মৰ্য্যদা ঘূৰাই আনিব ৰাইজৰ দলে ৷ চিৰদিনৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যদা নিশ্চিত হ’ব অসমত ৷ মাথো ৰাজ্যত ক্ষমতালৈ আহিব লাগিব ৰাইজৰ দল ৷ বিজেপিক উৎখাত কৰি ৰাইজৰ দলৰ চৰকাৰ হ’লে ৰাজ্যলাসীয়ে লাভ কৰিব বিশেষ ৰাজ্যৰ মৰ্যদা।’- ৰাইজৰ দলৰ খচৰা সংবিধান ৰাজহুৱা কৰি এই মন্তব্য কৰে ভাস্কো দি শইকীয়াৰ ৷

অসম চুক্তি ৬ নং দফাত উল্লেখিত সামাজিক, সাংস্কৃতিক, ভাষিক, ঐতিহ্য সুৰক্ষাৰ উপৰিও অসম চুক্তিত উল্লেখ নথকা অৰ্থনৈতিক, ৰাজনৈতিক সুৰক্ষাৰ বাবে সাংবিধানিক আৰু আইনগত সুৰক্ষা কৱচ নিশ্চিত কৰিব ৰাইজৰ দলে ৷ যাৰ জৰিয়তে অসমত বাস কৰা লোকে সমমৰ্য্যদা,  সম অধিকাৰ, সম উন্নয়ন লাভ কৰাটো সম্ভৱ বুলি দাবী কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷ ইয়াৰ উপৰিও ভূমি সংস্কাৰ, কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা, গ্ৰাম স্বৰাজ ব্যৱস্থা প্ৰতিষ্ঠাকে ধৰি ক্ষমতা বিকেন্দ্ৰীকৰণ প্ৰস্তাৱ ৰাইজৰ দলৰ ৷ অসমত এক সবল জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাৰ প্ৰস্তাৱ খচৰাত ৷

৪৪ পৃষ্ঠা আৰু ২২ টা অনুচ্ছেদ থকা খচৰাত এতিয়ালৈ দলৰ পতাকা , নিৰ্বাচনী প্ৰতীক স্থিৰ কৰা নাই ৷ বিপৰীতে ৰাইজৰ পৰামৰ্শৰ ভিত্তিত পতাকা, প্ৰতীক স্থিৰ হ’ব ৷ সদস্য ভৰ্তি পৰ্বৰো  কিছু ব্যৱস্থা ৰখা হৈছে ৷ দলৰ সক্ৰিয় সদস্যই নিৰ্বাচনত আগবাঢ়িব পাৰিব প্ৰতিদ্বন্দিতা ৷ উল্লেখ্য যে, দলৰ খচৰা এতিয়া অসমৰ ৰাইজৰ হাতলৈ আগবঢ়াই দিছে ৷ অসমৰ জনতাৰ পৰামৰ্শৰ ভিত্তিত দলে সংবিধানৰ সংশোধন, অন্তৰ্ভুক্তিৰ ব্যৱস্থাৰ ৰাখিছে ৷ আগন্তুক দলৰ অভিৱৰ্তনত সম্পূৰ্ণ ভাবে প্ৰকাশ পাব দলৰ সংবিধান।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 6:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading