মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'অখিল গগৈৰ কথা শুনিলে কেচুৱাই হাঁহিব, বান্দৰেও গছৰ পৰা নামি আহি হাঁহিব'- অখিল গগৈৰ সন্দৰ্ভত তীৰ্যক মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ

'অখিল গগৈৰ কথা শুনিলে কেচুৱাই হাঁহিব, বান্দৰেও গছৰ পৰা নামি আহি হাঁহিব'- অখিল গগৈৰ সন্দৰ্ভত তীৰ্যক মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ

News18 Assam | News18-Assam
Updated:August 27, 2021, 5:02 PM IST
'অখিল গগৈৰ কথা শুনিলে কেচুৱাই হাঁহিব, বান্দৰেও গছৰ পৰা নামি আহি হাঁহিব'- অখিল গগৈৰ সন্দৰ্ভত তীৰ্যক মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ
'কংগ্ৰেছৰ লগত থাকিবলৈ হ'লে অখিল গগৈয়ে কংগ্ৰেছক বিগ বাৰ্ডাৰ হিচাপে মানিবই লাগিব'-স্পষ্ট কৰি দিলে জাকিৰ হুছেইন শিকদাৰে

'কংগ্ৰেছৰ লগত থাকিবলৈ হ'লে অখিল গগৈয়ে কংগ্ৰেছক বিগ বাৰ্ডাৰ হিচাপে মানিবই লাগিব'-স্পষ্ট কৰি দিলে জাকিৰ হুছেইন শিকদাৰে

  • Share this:
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে শুকুৰবাৰে অধিক আক্ৰামনাত্মক হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ ৷ কংগ্ৰেছক পৰামৰ্শ দিয়া, ভয় ভাবুকি দিয়া প্ৰসংগ উত্থাপন কৰি শিকদাৰে ক'লে- “সকলো বিজেপি বিৰোধীৰ বাবে দুৱাৰ মুকলি ৰখাৰ সময়ত আজি পুনৰ কংগ্ৰেছক ভয়-ভাবুকি দিছে অখিল গগৈয়ে ৷ বিজেপিৰ বি টীম বুলি কৈ পুনৰ কংগ্ৰেছৰ ভাৱমুৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিছে তেওঁ ৷”

অখিল গগৈক অধিক আক্ৰমণ কৰি জাকিৰ হুছেইন শিকদাৰে ক'লে- “কংগ্ৰেছে ব্ৰিটিছক ভয় কৰা নাছিল, অখিল গগৈক কি ভয় কৰিব? অখিল গগৈৰ নূন্যতম জ্ঞানো নাই যে, কংগ্ৰেছে তেওঁক ভয় কৰিব ৷ কংগ্ৰেছৰ লগত মিত্ৰতা হ'লে কংগ্ৰেছেই বিগ ব্ৰাডাৰ হ'ব ৷ ৰাইজৰ দল সৰু ভাইয়ে হৈ থাকিব লাগিব আমাৰ লগত ৷”

অখিল গগৈৰ শেহতীয়া কাম-কাজক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে পুনৰ ক'লে- “এজন সুস্থ মানুহে এনে কাম কৰিব নোৱাৰে ৷ এচাম মানুহে বিজেপিৰ লগত অখিল গগৈৰ হলিগলি থকা বুলি কয় ৷ আমি বিশ্বাস কৰা নাছিলো। কংগ্ৰেছৰ লগত থাকি বুকুত মাৰিব বিচাৰিছে অখিল গগৈয়ে ৷ কংগ্ৰেছৰ মৰম চেনেহ বুজিও নুবুজিলে অখিল গগৈয়ে ৷ অখিল গগৈৰ কথা শুনি মাকৰ কোলাত থকা কেচুৱাই হাঁহিব ৷ তেওঁৰ কথা শুনিলে চৰাই-চিৰিকটিয়েও হাঁহিব, বন্দৰবোৰেও গছৰ পৰা নামি আহি হাঁহিব ৷ অখিল গগৈয়ে কি বিচাৰে আমি বুজা নাই ৷  ৰাইজৰ দলৰ দৰে কংগ্ৰেছত অখিল গগৈৰ আধিপত্য কেতিয়াও নচলিব ৷”
Published by: Himangshu Bhuyan
First published: August 27, 2021, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি