সৰুসজাইত কোৱাৰেণ্টাইন হৈ থকা লোকে নিয়ম অমান্য কৰিলে বা চৰকাৰক সহযোগ নকৰিলে সৰুসজাইত কোৱাৰেণ্টাইন চেণ্টাৰক অস্থায়ী জে’ল হিচাপে ঘোষণা কৰা হ’ব। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিৱিৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে।
সৰুসজাইত অস্থায়ী ৰূপে গঢ়া কোৱাৰেণ্টাইন কেম্পত আছে প্ৰায় ১০০০ গৰাকী পুৰুষ মহিলা ৷ যি সকলক বিগত দুসপ্তাহতকৈ অধিক সময় পৰ্যবেক্ষণত ৰাখিছে স্বাস্থ্য বিভাগে ৷ চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে দিনে নিশাই লোক সকলক চোৱা চিটা কৰিছে। কিন্তু তাৰ মাজতে কোৱাৰেণ্টাইন হৈ থকা একাংশই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বিভিন্ন ধৰণৰ পষ্ট, যিয়ে এতিয়া অসুবিধাত পেলাইছে স্বাস্থ্য বিভাগক৷ মঙলবাৰে সৰুসজাইত কোৱাৰেণ্টাইন হৈ থকা একাংশ লোকে ছচিয়েল মিডিয়াত স্বাস্থ্য বিভাগক সমালোচনা কৰি বিভিন্ন পষ্ট দিছিল ৷ তাৰ পিছতে বুধবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি স্বাস্থ্য বিভাগৰ এটা দল উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামত নিৰ্মিত Quarantine কেম্পত ৷
কেম্পত হিমন্ত বিশ্ব শৰ্মাই যি কেইজন লোকে ছচিয়েল মিডিয়াত পষ্ট দিছিল সেই সকলৰ সৈতে মত বিনিময় কৰে ৷ কোৱাৰেণ্টাইনৰ পৰা যাবলৈ চৰকাৰৰ বিৰুদ্ধে পষ্ট দিয়া বুলি মন্ত্ৰীৰ আগত স্বীকাৰ কৰে লোক কেইজনে।
লোক কেইজনৰ কথা শুনাৰ পিছত মন্ত্ৰী গৰাকীয়ে কয়, যেতিয়া লৈকে চিকিৎসকে যাবলৈ নিদিয়ে তেতিয়ালৈকে কোনো লোককে কেম্পৰ পৰা যাবলৈ দিয়া নহব ৷ চিকিৎসকে যদি অনুমতি দিয়ে তেন্তে কিছুলোক ৰমজানৰ পূৰ্বে ঘৰলৈ যাব পাৰিব কিন্তু তাৰ আগত যাব নোৱাৰিব ৷ কোৱাৰেণ্টাইন কেম্পৰ পৰা যদি পুনৰ ছচিয়েল মিডিয়াত এনেধৰনৰ পষ্ট দিয়ে বা চৰকাৰৰ লগত সহযোগিতা নকৰে তেন্তে সৰুসজাইক অস্থায়ী জেল ঘোষণা কৰিবলৈ বাধ্য হ’ব বুলি জনাই মন্ত্ৰী শৰ্মাই।