মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'আমি BTCৰ পৰা ওলাই আহিলে কোকৰাঝাৰৰ পৰা বাহিৰ হ'ব UPPL'- তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ নৱ শৰণীয়াৰ

'আমি BTCৰ পৰা ওলাই আহিলে কোকৰাঝাৰৰ পৰা বাহিৰ হ'ব UPPL'- তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ নৱ শৰণীয়াৰ

News18 Assam | News18-Assam
Updated:October 13, 2021, 12:24 PM IST
'আমি BTCৰ পৰা ওলাই আহিলে কোকৰাঝাৰৰ পৰা বাহিৰ হ'ব UPPL'- তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ নৱ শৰণীয়াৰ
তামুলপুৰত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদৰ মিত্ৰতাকলৈও প্ৰশ্ন উত্থাপন কৰে ৷

তামুলপুৰত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদৰ মিত্ৰতাকলৈও প্ৰশ্ন উত্থাপন কৰে ৷

  • Share this:
ৰাজ্যত উপ- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰি আহিছে সভা-সমিতি ৷ চলিছে অভিযোগ- প্ৰতিঅভিযোগ ৷ বিশেষকৈ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ ৷

দলীয় হুইপ অমান্য কৰি ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা মনোনয়ন দিয়াৰ পিছত বিটিচি পৰিষদৰ মিত্ৰ দল জি এছ পি দলেও প্ৰক্ষেপ কৰিছে এগৰাকী প্ৰাৰ্থী ৷ ইতিমধ্যে নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ জি এছ পি দলৰ মুৰব্বী সাংসদ নৱ কুমাৰ শৰণীয়াই কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

তামুলপুৰত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদৰ মিত্ৰতাকলৈও প্ৰশ্ন উত্থাপন কৰে ৷ দলৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ কুমাৰ ডেকাক ওচৰত বহুৱাই লৈ তেওঁ কয় যে, 'গণ সুৰক্ষা পাৰ্টিক বিটিআৰ পৰিষদৰ পৰা অব্যাহতি দিলে কোনোকালেই গোবিন্দ বসুমতাৰী জিকিব নোৱাৰে। যিদিনাই বিটিআৰত গণ সুৰক্ষা পাৰ্টি আৰু  নৱ কুমাৰ শৰণীয়া নাথাকিব সেইদিনাই কোকৰাঝাৰত ইউপিপিএলে প্ৰৱেশ কৰিব নোৱাৰিব আৰু সেইদিনাই খেদা খাব‌।'

তেওঁঁ লগতে কয় যে, 'আজিও কোকৰাঝাৰত হাগ্ৰামাৰ নেতৃত্বত বিপি এফ দল শক্তিশালী হৈ আছে ৷ যদি বিজেপি-ইউপিপিএল- গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতা আছিল তেনেহ'লে কিয় আলোচনা কৰিবলৈ গণ সুৰক্ষা পাৰ্টিক মতা নাছিল ৷'

বিজেপি-ইউপিপিএলৰ লগত যিহেতু বিধানসভাত মিত্ৰতা নাই সেয়ে নৱকুমাৰ শৰণীয়া আৰু টৰ্চ লাই'ৰ ছবি ব্যৱহাৰ নকৰিবলৈ ইউপিপিএলক আহ্বান জনাই নৱ কুমাৰ শৰণীয়াই।
Published by: Himangshu Bhuyan
First published: October 13, 2021, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি