শনিবাৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা সভাঘৰত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ বুথ সংকল্প শিবিৰ।
শনিবাৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা সভাঘৰত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ বুথ সংকল্প শিবিৰ।
২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ অন্যতম দাবীদাৰ কণ্ঠশিল্পী বাবু বৰুৱা। আগন্তুক বিধানসভা নিৰ্বাচনত দলীয় টিকট লাভ কৰিলে পশ্চম গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰিলে কণ্ঠশিল্পীগৰাকীয়ে।
শনিবাৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা সভাঘৰত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ বুথ সংকল্প শিবিৰ। আজাৰাত কেইবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থকা এই সংকল্প শিবিৰত পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ জনপ্ৰিয় কণ্ঠ শিল্পী বাবু বৰুৱাই নিৰ্বাচনী ৰণশিঙা বজাই আগন্তুক নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টি কংগ্ৰেছৰ দখললৈ আহিব বুলি দাবী কৰে।
বুথ সংকল্প শিবিৰত ছত্রিশগড় ৰাজ্যিক উপ সভাপতি অতুল শ্ৰীবাস্তৱ , দ্বিজেন শৰ্মা, মীৰা বৰঠাকুৰ, হুকুম চাহ আলী, জুৰি শৰ্মা বৰদলৈকে আদি কৰি কেইবাগৰাকীও কংগ্ৰেছৰ নেতা নেত্ৰী উপস্থিত থাকে। এই বুথ সংকল্প শিবিৰত পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰায় ২ শতাধিক কংগ্ৰেছ কৰ্মীক ছত্তিশগড় কংগ্ৰেছৰ ৰাজ্যিক উপ সভাপতি অতুল শ্ৰীবাস্তবে প্ৰশিক্ষণ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|