শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি বহুকেইটা দিশত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংবাদিকে 'লাভ জেহাদ'ৰ সন্দৰ্ভত কৰা এক বিশেষ প্ৰশ্নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ''লাভ জেহাদ বুলি নহয়। হিন্দুৱে হিন্দুকো কৰিব নোৱাৰিব প্ৰৱঞ্চনা। এইটো নহয় যে, মুছলমানে হিন্দুক প্ৰৱঞ্চনা কৰিলেহে লাভ জেহাদ হ'ব। হিন্দু যুৱতীক যদি বিবাহৰ ক্ষেত্ৰত হিন্দু যুৱকে প্ৰৱঞ্চনা কৰে, সেয়াও 'জেহাদ'। ''
ইফালে জেহাদ শব্দক মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বাস নকৰে বুলি কয়। মুখ্যমন্ত্ৰী শৰ্মাই বিশ্বাস কৰে যে, প্ৰৱঞ্চনা কেতিয়াও হ'ব নালাগে। সেয়া লাগিলে হিন্দুৱেই হওক বা মুছলমানেও হওক, কেতিয়াও বিবাহৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰিব নালাগে।
ইফালে আজিৰ সংবাদমেলত ৰাজ্যৰ শেহতীয়া কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
অহা বুধবাৰৰ পৰা ৰাজ্যৰ সাত খন জিলাক বাদ দি আনসমূহ জিলাত শিথিল হ'ব কোৰোণাৰ বিধি।
- বিয়লি তিনি বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ।
- বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ'ব সান্ধ্য আইন।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, কোৰোণাৰ কেচ ১০০ৰ অধিক থাকিলে, সেই জিলাত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকিব। ইফালে গুৱাহাটী মহানগৰীত ২৫০ কেচ প্ৰতিদিনে ধৰা পৰিলে, নিষেধাজ্ঞা আৰোপ কৰা হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|