உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘শান্তিৰ কথা মুখেৰে ক’লে নহয়,কাৰ্যত ৰূপায়ন কৰক’-ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰক, অন্যথা...

    ‘শান্তিৰ কথা মুখেৰে ক’লে নহয়,কাৰ্যত ৰূপায়ন কৰক’-ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰক, অন্যথা...

    ওদালগুৰিৰ বিশাল জনসভা স্থগিত, চৰকাৰৰ বিৰুদ্ধে হুংকাৰ

    ওদালগুৰিৰ বিশাল জনসভা স্থগিত, চৰকাৰৰ বিৰুদ্ধে হুংকাৰ

    ওদালগুৰিৰ বিশাল জনসভা স্থগিত, চৰকাৰৰ বিৰুদ্ধে হুংকাৰ

    • Share this:
    যদি শীঘ্ৰে NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰি নিদিয়ে, তেন্তে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব NDFBৰ চাৰিওটা গোটে ৷ এই আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন ৷

    বৃহস্পতিবাৰে আদালতে ৰঞ্জন দৈমাৰীৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে জনোৱা আবেদনৰ সন্দৰ্ভত আদালতে দৈমাৰীক কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল ৷ জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদনৰ সন্দৰ্ভত অহা ২৫ ফেব্ৰুৱাৰীৰ দিনটো ধাৰ্য কৰিছে আদালতে ৷ আদালতৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল দৈমাৰীয়ে ৷

    ইয়াৰ পিছতে শুকুৰবাৰে এক জৰুৰী বৈঠকৰ আয়োজন কৰে NDFBৰ চাৰিওটা গোটৰ সম্বন্বয়ৰক্ষী কমিটিয়ে ৷ বৈঠকত ৰঞ্জন দৈমাৰীৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰাত উদ্বিগ্নতা প্ৰকাশ কৰে NDFBৰ সম্বন্বয়ৰক্ষী কমিটিয়ে ৷ বাক্সাৰ বৰমাত আয়োজিত এই বৈঠকত NDFBৰ চাৰিওটাই গোটৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷

    ‘দৈমাৰীৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰাটো চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ ৷ চুক্তি স্বাক্ষৰ কৰাৰ স্বাৰ্থত জামিনত মুক্তি দিয়া দৈমাৰীক ৰাইজৰ কাষত কিয় থাকিব দিয়া নাই চৰকাৰে ৷ মুখত শান্তিৰ কথা ক'লেই নহয়, কাৰ্যত কৰিব লাগে ৷ দৈমাৰীৰ উপস্থিতি অবিহনে স্থায়ী শান্তি অসম্ভৱ’, ক'লে NDFB(P)ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে ৷

    সম্বন্বয়ৰক্ষী কমিটিৰ বৈঠকৰ অন্তত গোবিন্দ বসুমতাৰীয়ে কয়, ‘সোনকালে দৈমাৰীক মুকলি কৰি নিদিলে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম ৷ এই আন্দোলন গণতান্ত্ৰিকভাৱে চলাম ৷’



    NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দৈমাৰীয়ে চাৰিওটা গোটক একত্ৰিত কৰাৰ বাবে বিশেষ উদ্যোগ লৈছিল ৷ ২৭ জানুৱাৰীত নতুন দিল্লীত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ৰাইজক সম্বোধন কৰাৰ বাবে NDFBৰ চাৰিওটা গোটে একত্ৰিত হৈ অহা ২৪ ফেব্ৰুৱাৰীৰ আহ্বান কৰিছিল এক বিশাল সভাৰ ৷ ওদালগুৰিত আয়োজন কৰা এই বিশাল সভা এতিয়া বাতিল কৰা হৈছে ৷ সভালৈ হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়োকো জনাইছিল আমন্ত্ৰণ ৷

    ‘মূল উদ্যোক্তা ৰঞ্জন দৈমাৰী কাৰাগাৰলৈ যাবলগীয়া হোৱাত স্থগিত কৰা হৈছে ওদালগুৰিৰ সভা’, জনালে NDFB-Sৰ অধ্যক্ষ বি ছাউৰাইগৗৰাই ৷ ইপিনে বৃহস্পতিবাৰে কোকোৰাঝাৰৰ উল্টাপানীত হাগ্ৰামা মহিলাৰী পত্নীৰ গাড়ীত শিলাবৰ্ষণ কৰা বিষয়টো এক নাটক আখ্যা দিছে NDFBয়ে ৷ এবছুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত এনে কাম কৰা হৈছে বুলি দাবী কৰে NDFBয়ে ৷
    Published by:Himangshu Bhuyan
    First published: