உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi: 'অসমত কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে দায়ী চৰকাৰ'- মে'ৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ

    Akhil Gogoi: 'অসমত কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে দায়ী চৰকাৰ'- মে'ৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ

    অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা বিধায়ক অখিল গগৈৰ।

    অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা বিধায়ক অখিল গগৈৰ।

    অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা বিধায়ক অখিল গগৈৰ।

    • Share this:
    ভোগালী বিহুৰ শুভেচ্ছা জনাই সকলোকে কোৰোণাৰ বিধি পালনৰ মাজেৰে বিহু উদযাপন কৰিবলৈ আহ্বান জনালে বিধায়ক অখিল গগৈয়ে। লগতে কোভিড বিধিৰ নিয়ম সলনিৰ বাবে চৰকাৰক ধন্যবাদো জনালে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

    বুধবাৰে সাংবাদিকৰে হোৱা কথা বতৰাত অখিল গগৈয়ে ৰাজ্যৰ শেহতীয়া কোৰোণা পৰিস্থিতিৰ বাবে চৰকাৰকে দোষাৰোপ কৰে। অখিল গগৈয়ে কয় যে, 'অসমত ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰেই দায়ী। মুখ্যমন্ত্ৰীৰ কথাই এতিয়া আইন। ক'ভিড বিধি প্ৰণয়নৰ বাবে বিশেষজ্ঞ কমিটীৰ প্ৰায়োজন আছিল। মুখ্যমন্ত্ৰীয়ে সকলো বিষয়তে মাত মাতে। চৰকাৰে ক'ভিড সৃষ্ট পৰিবেশত কোনো মানুহক সহায় কৰাৰ আঁচনি বর্তমান নাই। চৰকাৰৰ বৰ্তমান দেৱলীয়া অৱস্থা।'

    লাভলীনাৰ সন্দৰ্ভত কি কলে অখিল গগৈয়ে?

    'লাভলীনা অসমৰ বাবে গৌৰৱ, আবেগ। লাভলীনাই ফেশ্বনত অংশগ্ৰহণ, বঁটা- বাহন সম্বৰ্ধনা লৈ নুফুৰিলে ভাল হ'ব বুলি ভাবো। হিমা দাসৰ ক্ষেত্ৰতো একেই হৈছিল। লাভলীনাই সমষ্টিত ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছে চৰকাৰে। লাভলীনাৰ ক্ষেত্ৰত হিমা দাসৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰো। লাভলীনাই আকাশ চুৱক, অলিম্পিকত মেডেল লাভ কৰক। লাভলীনাক যাতে চৰকাৰে ধ্বংস নকৰে তাৰ বাবে আহ্বান জনাইছো।'- এনেদৰে কয় অখিল গগৈয়ে।

    মে'ৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰঃ ইফালে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মে' মাহৰ ভিতৰত ৰাজ্যৰ ১ লাখ শিক্ষিত নিবনুৱালৈ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ আহ্বান জনালে অখিল গগৈয়ে। অন্যথা ৰাজ্য চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সাৱধান কৰি দিয়ে শিৱসাগৰৰ বিধায়কজনে। গগৈয়ে লগতে কয় যে,'ৰাজ্যত শেহতীয়া কৈ ভয়াবহ ভাবে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। মোক জেলত ৰাখি বিজেপি চৰকাৰে টোল গেট খুলিছে। টোল গেট সমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছো চৰকাৰক। অন্য ৰাজ্যত টোল গেট বন্ধ কৰিব আৰম্ভ কৰিছে আৰু আমাৰ তাত খুলিছে। আৰু কেইদিনৰ পিছত ৰাইজেই ৰাজপথত ওলাই আহি টোল গেট ভাঙিব। টোল গেট বন্ধ কৰাৰ দায়িত্ব কেৱল অখিল গগৈৰে নহয় ইয়াত সকলোৰে সহযোগিতাৰ প্ৰয়োজন।'
    Published by:Himangshu Bhuyan
    First published: