মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Bhabesh Kalita in Thowra : অসমত যদি লুঙী জিন্দাবাদ হ'ব নালাগে, গামোচা জিন্দাবাদ হ'ব লাগে, তেন্তে বিজেপিৰ বাহিৰে কোনেও নোৱাৰে, ভৱেশ কলিতাৰ মন্তব্য।

Bhabesh Kalita in Thowra : অসমত যদি লুঙী জিন্দাবাদ হ'ব নালাগে, গামোচা জিন্দাবাদ হ'ব লাগে, তেন্তে বিজেপিৰ বাহিৰে কোনেও নোৱাৰে, ভৱেশ কলিতাৰ মন্তব্য।

News18 Assam | News18-Assam
Updated:September 26, 2021, 9:31 PM IST
Bhabesh Kalita in Thowra : অসমত যদি লুঙী জিন্দাবাদ হ'ব নালাগে, গামোচা জিন্দাবাদ হ'ব লাগে, তেন্তে বিজেপিৰ বাহিৰে কোনেও নোৱাৰে, ভৱেশ কলিতাৰ মন্তব্য।
image: FB/Sushanta Borgohain

Bhabesh Kalita in Thowra : ৰাজ্যিক BJPৰ সভাপতি ভবেশ কলিতাৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰশ্ন- প্ৰদেশ কংগ্ৰেছে ধলপুৰৰ উচ্ছেদত মাত মাতিছে, কিন্তু খিলঞ্জীয়াৰ মৃত্যু হ'লে কিয় মাত নামাতে?

  • News18 Assam
  • Last Updated: September 26, 2021, 9:31 PM IST
  • Share this:
ছিপাঝাৰৰ গৰুখুঁটিত বেদখলকাৰীক উচ্ছেদকলৈ ৰাজনৈতিক দলবোৰৰ মাজত বাক যুদ্ধ চলি থকাৰ সময়তে লুঙী-গামোচাক লৈ থাওৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।  সভাপতি কলিতাই কয়, "অসমত যদি লুঙী জিন্দাবাদ হ'ব নালাগে, গামোচা জিন্দাবাদ হ'ব লাগে, তেন্তে বিজেপিৰ বাহিৰে কোনেও কৰিব নোৱাৰে।"

ডিমৌৰ কলিয়াপানী খেলপথাৰত অনুষ্ঠিত দলটোৰ যোগদান সমাৰোহত অংশ লৈ কংগ্ৰেছ দলক এতিয়া ডুবন্ত সূৰ্যৰ লগত তুলনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই।সভাপতি কলিতাই প্ৰদেশ কংগ্ৰেছে ধলপুৰৰ উচ্ছেদত মাত মাতিছে, কিন্তু খিলঞ্জীয়াৰ মৃত্যু হ'লে কিয় মাত নামাতে বুলি প্ৰশ্ন কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক।

আগন্তুক উপ নিৰ্বাচনত থাওৰাত বিজেপিৰ জয় নিশ্চিত বুলি কৈ সভাপতি কলিতাই কয়,  "প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁইৰ যুটীয়া প্ৰচেষ্টাত থাওৰা সমষ্টিত এইবাৰ বিজেপিৰ দখললৈ যাব।"  বিগত বিধানসভা নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমষ্টিটোৰ বিকাশৰ স্বাৰ্থত সুশান্ত বৰগোহাঁইয়ে বিজেপিত যোগ দিয়াটো অতি আদৰণীয়  বুলি অভিহিত ভবেশ কলিতাই।

উল্লেখ্য যে শিৱসাগৰ জিলা BJP সভাপতি ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত যোগদান সমাৰোহত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, বিজেপিৰ ৰাজ্যিক প্ৰভাৰী ৰূপম গোস্বামী, সুভাষ দত্ত, থাওৰাৰ প্ৰাক্তন বিধয়কদ্বয় সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীসহিতে এক ডজন মন্ত্ৰী বিধায়ক, সাংসদ, দলীয় নেতৃত্বৰ উপস্থিতিত থাওৰা সমষ্টিৰ কেইবাখনো গাঁও পঞ্চায়তৰ পাঁচ শতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে।
Published by: Manjumoni Borah
First published: September 26, 2021, 9:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি