সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে প্ৰৰ্থী তালিকা।
সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে প্ৰৰ্থী তালিকা।
সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে প্ৰৰ্থী তালিকা। তাৰ প্ৰাকক্ষণত কংগ্ৰেছৰ মহাজোঁট বন্ধনত থকা প্ৰতিটো ৰাজনৈতিক দলক একগোট হোৱাৰ আহ্বান জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
AIUDFৰ সৈতে মিত্ৰতা প্ৰত্যাহাৰ কৰিলে কংগ্ৰেছ মহাজোঁট চামিল হ'বলৈ সাজু ৰাইজৰ দল। অখিল গগৈৰ পত্ৰৰ পিছত এতিয়া দলটোৰ নেতা ভাস্কো ডি শইকীয়াইয়ো বাৰে বাৰে কৈছে এই কথা।
আনহাতে অখিল গগৈয়ে AIUDFক বাদ দি কংগ্ৰেছ, আঞ্চলিক গণ মৰ্চা, CPM, CPIM, AJP আৰু ৰাইজৰ দলক এক হোৱাৰ আহ্বান জনাইছিল ৷ অন্যথা বিজেপিক পৰাস্ত কৰাটো অসম্ভৱ বুলি উল্লেখ কৰিছিল। চিঠি খনত এই কথাও লগতে স্পষ্ট কৰিছে, কোনো কাৰণত সাম্প্ৰদায়িক AIUDFৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে ৷ অখিল গগৈৰ অভিযোগ- বিজেপি AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ AIUDF ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ঐতিহাসিক ভুল ৷ দেশৰ আটাইতকৈ ডাঙৰ সমস্যা সাম্প্ৰদায়িকতাবাদ ৷
অৱশ্যে ইয়াৰ বাবে যি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব লাগে তাৰ বাবে ৰাইজৰ দল সাজু বুলিও মন্তব্য কৰে ৷ পিছে, মিত্ৰতাত থকা অসম জাতীয় পৰিষদে এইক্ষেত্ৰত সন্মতি জনাবনে নাই বুলি সাংবাদিকে কৰা প্ৰশ্নত ভাস্কো ডি শইকীয়াৰ কয় যে, 'সেয়া সকলো দলৰ মজিয়াত আলোচনা কৰা হ'ব। প্ৰথমে কংগ্ৰেছৰ তৰফৰ পৰা লাভ কৰিব লগীয়া সঁহাৰিয়ে ভৱিষ্যত নিৰ্ণয় কৰিব বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|