உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'কংগ্ৰেছে ১০০ বছৰলৈ চৰকাৰ গঠন কৰিব নোৱাৰিব'- কিয় ক'লে বিধায়ক অখিল গগৈয়ে?

    'কংগ্ৰেছে ১০০ বছৰলৈ চৰকাৰ গঠন কৰিব নোৱাৰিব'- কিয় ক'লে বিধায়ক অখিল গগৈয়ে?

    AIUDF যেতিয়ালৈ মহাজোটত থাকিব তেতিয়ালৈ মহাজোটত নাথাকে ৰাইজৰ দল।

    AIUDF যেতিয়ালৈ মহাজোটত থাকিব তেতিয়ালৈ মহাজোটত নাথাকে ৰাইজৰ দল।

    AIUDF যেতিয়ালৈ মহাজোটত থাকিব তেতিয়ালৈ মহাজোটত নাথাকে ৰাইজৰ দল।

    • Share this:
    'বিজেপি যিদৰে সাম্প্ৰদায়িক দল, ঠিক একেদৰে সাম্প্ৰদায়িক AIUDF দলো। তেনে ৰাজনৈতিক দল থকা মহাজোঁটত কেতিয়াও চামিল নহয় ৰাইজৰ দল ৷' এই কথা পুনৰবাৰ স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

    আগন্তুক উপ নিৰ্বাচনৰ বাবে ৰাইজৰ দলে ৰাজহুৱাকৈ কংগ্ৰেছ দললৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু মিত্ৰতাৰ বাবে ৰাইজৰ দলে ৰাখিছে কিছু চৰ্তও। চৰ্ত অনুসৰি কংগ্ৰেছে ত্যাগ কৰিব লাগিব AIUDFৰ সংগ। ইতমধ্যে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে মিত্ৰতাৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাত কৰাৰ লগতে কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰেও ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ অখিল গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল। কিন্তু ইমানৰ পিছতো নিশ্চিত হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ ছবিখন।

    তাৰ মাজতে অখিল গগৈয়ে পুনৰ এবাৰ কংগ্ৰেছ দললৈ আগবঢ়াইছে সমষ্টিভিত্তিক ওৱান টু ওৱান আলোচনাৰ প্ৰস্তাৱ। কিন্তু ইমানৰ পিছতো যদি কংগ্ৰেছে ৰাইজৰ দলৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনাই, তেন্তে সেয়া কংগ্ৰেছৰ বাবে ছুইচাইড কৰা হ'ব বুলি দাবী কৰে অখিল গগৈয়ে। এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে,'কংগ্ৰেছৰ এনে সিদ্ধান্তৰ বাবে অদূৰ ১০০ বছৰ অপেক্ষা কৰিব লাগিব কংগ্ৰেছে ৷ কিয়নো অনাগত ১০০ বছৰলৈ ৰাজ্যত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছে ৷ গতিকে সময় থাকোতেই কংগ্ৰেছে সকলো কথা ভাবি চাব লাগে।'
    Published by:Himangshu Bhuyan
    First published: