সঁচাকৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী হ’ব নেকি গৌৰৱ গগৈ? চৰকাৰ গঠন কৰিলে কি কি কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে সাংসদগৰাকীয়ে?

Source-Google
দীৰ্ঘবিৰতিৰ মূৰত বুধবাৰে বিশাল দলীয় সভাত অংশ ল’লে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে।
- News18 Assam
- Last Updated: September 9, 2020, 11:00 PM IST
ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে, ২০২১ত কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটে চৰকাৰ গঠন কৰিব। চৰকাৰ হলেই "কা" বাতিল কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে যুঁজ দিব বুলিও কয় গৌৰৱ গগৈয়ে। ইফালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত শ্বহীদ হোৱা অসমৰ পাঁচগৰাকী যুৱকক ন্যায়ৰ বাবে সংসদত যুজঁ দিব বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।
কোৰোণাকলৈ ৰাজ্য চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে, ‘কোৰোণাৰ সংক্ৰমণ কমিলে চৰকাৰে ক্ৰেডিট লয় কিন্তু পৰিস্থিতি বেয়া হ’লে মন্ত্ৰীয়ে ৰাইজক দোষ দিয়ে।’ বাকপটু সাংসদগৰাকীয়ে একাংশ মিডিয়াৰ ভূমিকাকো সমালোচনা কৰে। সাংসদ গগৈৰ অভিযোগ, একাংশ সংবাদ মাধ্যমে নিৰ্দিষ্ট ৰাজনৈতিক দল আৰু চৰকাৰৰহৈ কাম কৰি আছে। চৰকাৰৰ নিৰ্দেশত একাংশ মিডিয়াই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলিও কয় সাংসদগৰাকীয়ে।