সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনক লৈ এতিয়া সাজু শাসক বিৰোধী৷ শুকুৰবাৰে বহুকেইটা নিবাৰ্চনী ইচ্ছ্যুলৈ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ সংবাদমেল সম্বোধন কৰিয়েই ৰিপুণ বৰাৰ ঘোষণা, ২০২১ত কংগ্ৰেছ চৰকাৰ গঠন হ’লে এসপ্তাহৰ ভিতৰত উঠাই লোৱা হ’ব কা’ আন্দোলনত জড়িত লোকৰ ওপৰত থকা সকলো গোচৰ ৷
ৰিপুণ বৰাৰ মতে, চৰকাৰ এতিয়া বিত্তীয় সংকটত ভুগিছে, সেইকাৰণে কোভিড আক্ৰান্তৰ পৰা বিল লোৱাৰ কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ হাস্পতালসমূহত অক্সিজেনৰ যোগান কৰা প্ৰতিষ্ঠানসমূহক ধন দিব নোৱাৰাৰ বাবেই বৰ্তমান হাস্পতালসমূহত দেখা দিছে অক্সিজেনৰ নাটনি ৷
কিন্তু তাৰ মাজতে নামঘৰলৈ অনুদান, অৰুণোদয় আঁচনিৰ টকা কেনেকৈ আহিব, সেয়া শ্বেতপত্ৰৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাই ৰিপুণ বৰাই ৷ ৰিপুণ বৰাৰ মতে, জনসাধাৰণৰ প্ৰতিশ্ৰুতি ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি দাবী কৰিলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|