বিত্তমন্ত্ৰীৰ ৮৩০ টকাক চেলেঞ্জ কংগ্ৰেছৰ! ক্ষমতালৈ আহিলে দৰিদ্ৰ মহিলাক মাহে দিব ৭,৫০০ টকাকৈ

Source-Google
মাহে মাত্ৰ ৮৩০ টকা প্ৰদানৰ আঁচনি ঘোষণা কৰি অসমীয়া মহিলাক অপমান কৰিছে বিজেপি চৰকাৰেঃ ৰিপুণ বৰা
- News18 Assam
- Last Updated: September 5, 2020, 3:24 PM IST
সংবাদমেলত ৰিপুণ বৰাই অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে দৰিদ্ৰ মহিলালৈ মাহে মাত্ৰ ৮৩০ টকা দিবলৈ সাজু হোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰে। এই আঁচনিৰে অসমীয়া মহিলাক ৰাজ্য চৰাকাৰে অপমান কৰিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ল’ক ডাউনৰ ফলত হোৱা আৰ্থিক সংকটক মাত্ৰ ৮৩০ টকাই কেনেদৰে জোৰা মাৰিব বুলিও প্ৰশ্ন কৰে সভাপতি বৰাই।
উল্লেখযোগ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বৰ্তমান ছত্তিশগড় চৰকাৰে দৰিদ্ৰ মহিলালৈ মাহে প্ৰদান কৰি আছে ৭,৫০০ টকাকৈ।