‘জানুৱাৰীত কা’ বলৱত্‍ হ’লে সহজে এৰি নিদিওঁ’- আকৌ ৰাজপথত নমাৰ হুংকাৰ জুবিন গাৰ্গৰ

News18 Assam | News18-Assam
Updated:December 7, 2020, 2:21 PM IST
‘জানুৱাৰীত কা’ বলৱত্‍ হ’লে সহজে এৰি নিদিওঁ’- আকৌ ৰাজপথত নমাৰ হুংকাৰ জুবিন গাৰ্গৰ
Source-Google

নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ হৈ গীত নোগোৱাৰ সংকল্প জুবিন গাৰ্গৰ

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আকৌ এবাৰ সৰব হ’ল জুবিন গাৰ্গ। জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইন বলৱত্‍ হ’লে আকৌ ৰাজপথৰ আন্দোলনত নমাৰ হুংকাৰ দিলে জুবিন গাৰ্গে। এই সন্দৰ্ভত জুবিন গাৰ্গে কয় যে, ‘সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা’ বলৱত্‍ হ’লে আমি সহজে এৰি নিদিওঁ। মই পুনৰ ওলাই আহিম। আমি প্ৰতিবাদ কৰি যাম কা’ৰ বিৰুদ্ধে।’

ইফালে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে জুবিন গাৰ্গে। নতুন আঞ্চলিক দলটোক শুভেচ্ছা জনাই যদিও জুবিন গাৰ্গে এ জে পিৰ নেতৃত্ব কোনে ল’ব সেয়া দলটোৱে নিৰ্ধাৰণ কৰিব বুলি কয়। ইফালে আগন্তুক অসম বিধান সভা নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ হৈ গীত নাগাই বুলিও স্পষ্ট কৈ জনাই জুবিন গাৰ্গে।
Published by: Himangshu Bhuyan
First published: December 7, 2020, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading