আলফা(স্বাধীন)ত যোগদান কৰিব সংগীতশিল্পী লাটুমণি ৰাজকোঁৱৰে, কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:January 8, 2020, 12:54 PM IST
আলফা(স্বাধীন)ত যোগদান কৰিব সংগীতশিল্পী লাটুমণি ৰাজকোঁৱৰে, কিন্তু কিয়?
ৰাজ্যত বৰ্তমান চৰ্চিত হৈ থকা বিকল্প ৰাজনৈতিক দলৰ প্ৰাসংগিকতা  নুই কৰি লাতুমণিয়ে।

ৰাজ্যত বৰ্তমান চৰ্চিত হৈ থকা বিকল্প ৰাজনৈতিক দলৰ প্ৰাসংগিকতা  নুই কৰি লাতুমণিয়ে।

  • Share this:
ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। কিন্তু চৰকাৰৰ সময় নাই প্ৰতিবাদী ৰাইজৰ কথা শুনিবলৈ। বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কে প্ৰত্যেকদিনাই তাচ্ছিল্য সূচক মন্তব্য কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক। কিন্তু সেইসময়তে নৱ প্ৰজন্মৰ জনপ্ৰিয় গীতিকাৰ, সংগীতশিল্পী লাতুমণি ৰাজকোঁৱৰে কৰিছে বিস্ফোৰক মন্তব্য।

কাকপথাৰত এটি নতুন গীত মুকলি কৰি সংগীত শিল্পীজনে "কা" গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে ৷ অমৃত শ্বাহ, নৰেন্দ্ৰ মোদীয়ে বলপূৰ্বকভাবে CAA জাপি দিলে আলফা (স্বা)লৈ যোৱাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে লাতুমণিয়ে। লগতে পাঁচ লাখ নালাগে পাঁচটা আহিলেও শিল্পীজনে সেইসকলক গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।

লগতে ৰাজ্যত বৰ্তমান চৰ্চিত হৈ থকা বিকল্প ৰাজনৈতিক দলৰ প্ৰাসংগিকতাও  নুই কৰি লাতুমণিয়ে। অসম গণ পৰিষদৰ বেয়া নেতা কেইজনক আঁতৰ কৰি ভাল সকলক লৈ দলটোক ৰাইজৰ মাজলৈ লৈ যোৱাৰ পক্ষপাতী বুলি তেওঁ উল্লেখ কৰে ৷
Published by: Himangshu Bhuyan
First published: January 8, 2020, 12:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading