உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'বিজেপিক ভোট দিলে প্ৰতিদিনে লাভ কৰিব ২৬ লিটাৰকৈ গাখীৰ'- বাক্সাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী

    'বিজেপিক ভোট দিলে প্ৰতিদিনে লাভ কৰিব ২৬ লিটাৰকৈ গাখীৰ'- বাক্সাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰতিখন নিৰ্বাচনী সভাত দিছে ন ন প্ৰতিশ্ৰুতি।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰতিখন নিৰ্বাচনী সভাত দিছে ন ন প্ৰতিশ্ৰুতি।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰতিখন নিৰ্বাচনী সভাত দিছে ন ন প্ৰতিশ্ৰুতি।

    • Share this:
    উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত বিজেপিয়ে জোৰদাৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰতিখন নিৰ্বাচনী সভাত দিছে ন ন প্ৰতিশ্ৰুতি।

    বাক্সা জিলাৰ সাউদৰভিঠাত দেওবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাত  মুখ্যমন্ত্ৰীয়ে কয় যে,' AIUDF- কংগ্ৰেছক যদি আমি ভোট দিও আকৌ পাঁচ বছৰ বিৰোধিত থাকিব লাগিব। পদুমক ভোট দিলে প্ৰতিদিনে ২৬ লিটাৰ গাখীৰ লাভ কৰিব ৷ আনন্দ বজাৰত কোল ষ্টোৰেজ, শালবাৰীত এম্বুলেন্স আৰু সাউদৰভিঠাত প্ৰেক্ষাগৃহ বনোৱা হ'ব ৷ এই বছৰত এক লাখ চৰকাৰী চাকৰি দিয়া হ'ব ৷ সকলো ল’ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব লাগিব ৷ এক টকাৰো ঘোচ নোখোৱাকৈ চাকৰি পাব ৷পুলিচত ২৫ হাজাৰ চাকৰি হ’ব ৷ মই মুখ্যমন্ত্ৰী থকালৈকে চাকৰিৰ নামত কোনেও এক টকাও দিব নালাগে।"

    মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, 'অসমৰ আটাইতকৈ ডাঙৰ সমস্যা-ডেকা ল’ৰাবোৰ বিপথে পৰিচালিত হয় ড্ৰাগছৰ  বাবে। আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজিছো ৷ ক’ভিডৰ বাবে লোন ঘূৰাই দিব পৰা নাছিলো। এপ্ৰিলত বাঢ়িব অৰুণোদই আঁচনিৰ ধন। প্ৰত্যেক বছৰে বাঢ়ি থাকিব এই ধনৰাশি ৷ ছয় হাজাৰ পৰিয়ালক অৰুণোদই দিম বিটিএডিত। এইবাৰ যি দোকানীয়ে মা- ভনীৰ ভাগৰ চাউল কাটিব সকলো জে'ললৈ যাব লাগিব ৷ ইয়াৰ সাতখন শংকৰদেৱ শিশু নিকেতনৰ বিল্ডিং বনোৱা হ’ব। বিটিএডিৰ উন্নয়নৰ বাবে বিজেপিক ভোট দিব লাগিব ৷ কোকৰাঝাৰ দিল্লী দিছপুৰ আমি এতিয়া একেলগে আছো ৷ ছহিদ খৰ্গেশ্বৰ তালুকদাৰ পঢ়া দক্ষিণ বিজনী উচ্চতৰ মাধ্যমিকক তিনি কোটি দিয়া হ'ব ৷ আনন্দ বজাৰক উন্নয়ন কৰিম ৷"
    Published by:Himangshu Bhuyan
    First published: