'বিজেপি ক্ষমতালৈ নাহিলে নগাঁও চহৰত ঠেলাৱালা-ৰিক্সাৱালাই মাৰিব খিলঞ্জীয়া লোকক'- মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:February 14, 2021, 9:00 PM IST
'বিজেপি ক্ষমতালৈ নাহিলে নগাঁও চহৰত ঠেলাৱালা-ৰিক্সাৱালাই মাৰিব খিলঞ্জীয়া লোকক'- মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া
দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈত অনুষ্ঠিত হয় পৃষ্ঠা প্ৰমূখ সন্মিলন। সন্মিলনত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰীকা।

দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈত অনুষ্ঠিত হয় পৃষ্ঠা প্ৰমূখ সন্মিলন। সন্মিলনত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰীকা।

  • Share this:
'এইবাৰ বিজেপি চৰকাৰ নাহিলে নগাঁও চহৰত ঠেলাৱালা- ৰিক্সাৱালাই মাৰিব খিলঞ্জীয়া লোকক। বদৰুদ্দিনক অসমৰ মূখীয়াল হ'বলৈ দিব নোৱাৰি। কংগ্ৰেছ আৰু AIUDF শাসনৰ গাদীত থাকিলে অসমতে অসমীয়া ভগনীয়া হ'ব।'- এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈত অনুষ্ঠিত হয় পৃষ্ঠা প্ৰমূখ সন্মিলন। সন্মিলনত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকীক নগাঁও জিলাৰ ডিমৌৰ চাৰিআলিৰ পৰা প্ৰায় দুই সহস্ৰাধিক বাইকেৰে আদৰি আনে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে। ইফালে মন্ত্ৰীগৰাকীৰ সন্মুখত আগন্তুক বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত বিজেপিৰ এগৰাকী স্থানীয় প্ৰাৰ্থী থিয় কৰাবলৈ দলীয় কৰ্মীসকলে অনুৰোধ জনায়।

সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ কাম-কাজৰ এক খতিয়ান দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কয় যে,  'অৰুণোদয় আচঁনিৰ জৰিয়তে ৮৩০ টকাৰ ঠাইত ৩০০০ টকাকৈ দিব বুলি বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে। ৯২ শতাংশ মানুহক অটল অমৃতৰ কাৰ্ড দিছে বিজেপি চৰকাৰে। আগন্তুক নিৰ্বাচন বঢ়মপুৰ সমষ্টিৰ এজন স্থানীয় ব্যক্তি বিধায়ক হোৱাটো মই মনে প্ৰাণে আশা কৰিছো।'

কংগ্ৰেছৰ অসম বচাও অভিযানক কটাক্ষ কৰি পীয়ুষ হাজৰিকাই কয় যে,  'অসমখন কংগ্ৰেছে ধ্বংস কৰিলে। গঁড় হত্যা কৰিলে, বটদ্ৰৱা দখল কৰিলে, বৰপেটা দখল কৰিলে, মুঠতে কংগ্ৰেছে অসম ধ্বংস কৰিলে। এতিয়া কি অসম বচাব।'
Published by: Himangshu Bhuyan
First published: February 14, 2021, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি