গাহৰিৰ মঙহক লৈ আজমলৰ সাম্প্ৰদায়িক ৰাজনীতি

বিজেপি ক্ষমতালৈ আহিলে খাব লাগিব গাহৰীৰ মঙহ। নিঃচিহ্ন হ’ব ইমান, আজান, কোৰান ঈদ আৰু মছজিদ। কৰিমগঞ্জৰ নিৰ্বাচনী সভাত এনে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজৰ তেজ গৰম কৰাৰ চেষ্টা হুজুৰ বদৰুদ্দিন আজমলৰ।

Dulu Medhi | news18assam
Updated:April 16, 2019, 4:47 PM IST
গাহৰিৰ মঙহক লৈ আজমলৰ সাম্প্ৰদায়িক ৰাজনীতি
বিজেপি ক্ষমতালৈ আহিলে খাব লাগিব গাহৰীৰ মঙহ। নিঃচিহ্ন হ’ব ইমান, আজান, কোৰান ঈদ আৰু মছজিদ। কৰিমগঞ্জৰ নিৰ্বাচনী সভাত এনে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজৰ তেজ গৰম কৰাৰ চেষ্টা হুজুৰ বদৰুদ্দিন আজমলৰ।
Dulu Medhi | news18assam
Updated: April 16, 2019, 4:47 PM IST
কৰিমগঞ্জৰ নিৰ্বাচনী সভাত ‘বিজেপি ক্ষমতালৈ আহিলে খাব লাগিব গাহৰীৰ মঙহ, নিঃচিহ্ন হ’ব ইমান, আজান, কোৰান ঈদ আৰু মছজিদ।’– এনে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজৰ তেজ গৰম কৰাৰ চেষ্টা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। কাষত কৰিমগঞ্জৰ AIUDF প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক লৈ এটাৰ পিছত আনটো প্ৰৰোচনামূলক মন্তব্য কৰে বদৰুদ্দিন আজমলে। বিজেপি RSSৰ নাম লৈ ত্ৰাসিত কৰাৰ চেষ্টা কৰিলে ৰাইজক। বিজেপি জয়ী হ’লে মুছলমানক বিদেশী সজাই বাংলাদেশলৈ খেদি পঠিয়াব বুলিও ভয় দেখুৱালে AIUDF প্ৰধানগৰাকীয়ে।

কিন্তু আজমলৰ সভাত উপস্থিত নাছিল বেছি মানুহ। কণমানি শিশুসকলক খালী হৈ থকা চকীত বহিবলৈ দি সভাস্থলী ভৰোৱাৰ চেষ্টাটো বিফল হৈছিল সভাস্থলীৰ উদ্যোক্তাই। পৰিৱেশ সেৰেঙা আছিল, জনতাৰো ভিৰ নাছিল তথাপি ভাষণ বন্ধ কৰা নাছিল বদৰুদ্দিন আজমলে। এটাৰ পিছত এটাকৈ বিতৰ্কিত মন্তব্য কৰি গৈছিল AIUDF প্ৰধান আজমলে। গাহৰীৰ মঙহক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছত আক্ৰমণাত্মক মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে- ‘হিমন্তৰ ডক্টৰেট উপাধি নকল, কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পিছত হতাশ হৈ পৰা আজমলে এতিয়া য’তে–ত’তে দেখিছে হিমন্তৰ ভূত, সেইবাবেই হেনো বলিয়া বুলি ক’বলৈয়ো কুণ্ঠাবোধ কৰা নাই হিমন্ত বিশ্ব শৰ্মাক।

ভাষণত ‘তই’ বুলি হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি কৈ, ডক্টৰেটৰ চাৰ্টিফিকেট কাক দি লিখাই লৈছে, চাৰ্টিফিকেট এখন লৈ আহিছে, সম্পূৰ্ণ মন্ত্ৰীসভা ‘তাৰ’ অধীনত, যি ইচ্ছা তাকে কৰি আছে।’– তই আৰু তাৰে সম্বোধি মন্ত্ৰী শৰ্মাক তাচ্ছিল্য বদৰুদ্দিন আজমলৰ।

নিৰ্বাচনী প্ৰচাৰ সভাত ক’ব লাগে ‘উন্নয়ন’ৰ কথা কিন্তু আজমলে উদাত্ত কণ্ঠেৰে সাম্প্ৰদায়িক মন্তব্যহে কৰিলে।

নিৰ্বাচনী সভাত সাম্প্ৰদায়িক মন্তব্যঃ
আৰু চাওক পৰৱৰ্তী বাতৰি