‘বঙালী যুৱতী অসমীয়া যুৱকলৈ বিয়া হ’লে পাব আৰ্থিক সাহায্য’

News18 Assam | News18-Assam
Updated:February 17, 2020, 1:42 PM IST
‘বঙালী যুৱতী অসমীয়া যুৱকলৈ বিয়া হ’লে পাব আৰ্থিক সাহায্য’
ফাইল ফটো

অসমীয়া আৰু বঙালী সকলৰ মাজত সমন্বয় গঢ় দিবৰ বাবে ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ বিশেষ আঁচনি

  • Share this:
বঙালী যুৱক–যুৱতীলৈ বিশেষ অফাৰ! অসমীয়া লৈ বিয়া হ’লে লাভ কৰিব আৰ্থিক সাহায্য। অসমীয়া আৰু বঙালীসকলৰ মাজত সমন্বয় গঢ় দিয়াৰ উদ্দেশ্যে এই ঘোষণা কৰিছে বঙালী ভাষিক সংখ্যাঘূ উন্নয়ণ বৰ্ডে।

  • এখন সংবাদমেল সম্বোধন কৰি বহু কেইটা ঘোষণা কৰে সংগঠনটোৱে।


  • নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা সদৌ অসম ভাষিক সংখ্যালঘূ উন্নয়ণ বৰ্ডৰ।

  • অসমত বসবাস কৰা বঙালী যুৱক–যুৱতী অসমীয়ালৈ বিয়া হ'লে লাভ কৰিব বিত্তীয় সাহায্য।

  •  অসমৰ ১৫ খন চহৰত ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডে নিৰ্মাণ কৰিব লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞাসুন্দৰীৰ প্ৰতিমূৰ্তি।

  • পশ্চিমবংগৰ শিলিগুৰিত নিৰ্মাণ কৰিব সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি।



আনহাতে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা বঙালী লোকসকলে অসমীয়াৰ মাজত নিজক বিলীন কৰি দিয়াৰ লগতে নিজক অসমীয়া বুলি কৈহে বেছি গৌৰৱ অনুভৱ কৰে বুলিও উল্লেখ কৰে সংগঠনটোৰ সভাপতি আলোক ঘোষে।
First published: February 17, 2020, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading