শেহতীয়াকৈ AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই উজনি অসমৰ বহু বুদ্ধিজীৱীয়ে বদৰুদ্দিন আজমলৰ নেতৃত্ব বিচৰা বুলি মন্তব্য কৰাৰ পিছতে তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি।
এইবাৰ উজনি অসমত দলৰ ভেটি শক্তিশালী কৰিবলৈ আগবাঢ়িছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF-এ। শেহতীয়াকৈ AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই উজনি অসমৰ বহু বুদ্ধিজীৱীয়ে বদৰুদ্দিন আজমলৰ নেতৃত্ব বিচৰা বুলি মন্তব্য কৰাৰ পিছতে তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। বিধায়কজনৰ মন্তব্যক উভতি ধৰিছে বিজেপিৰ বিধায়কে। বিজেপি বিধায়ক দিগন্ত কলিতাই আনকি AIUDFৰ এই সপোন কোনো দিন সাৰ্থক নহয় বুলি মন্তব্য কৰিছে।
এতিয়া এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহু বিতৰ্কিত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে। উজনি অসমলৈ যদি AIUDF-এ নিজৰ সংগঠন লৈ যাব বিচাৰিছে তাৰ বাবে দলটোক শুভেচ্ছা জনাইছে শ্বেৰমান আলীয়ে। শ্বেৰমানে কয় যে, 'উজনি অসমত যদি AIUDFএ কাম কৰিব বিচাৰিছে শুভেচ্ছা জনাইছো। জনকল্যানমূলক কাম কৰি প্ৰচলিত অভিযোগবোৰক ভুল প্ৰমাণিত কৰিব লাগে।'
ইফালে ৰাজ্যসভা নিৰ্বাচনৰ সন্দৰ্ভত বহু বিতৰ্কিত বিধায়কজনে কয় যে, 'আজমল চাহাবে যি কৈছে অথবা মই যি সন্দেহ ব্যক্ত কৰিছিলো সেইবোৰ এতিয়া আৰু নকও। মই বিচাৰো মোৰ সন্দেহ অমূলক প্ৰমাণিত হওক। ৰিপুণ বৰা চাহাব জয়যুক্ত হওক। হোটেললৈ মই নাযাও ।মই নাজানো তেনেকুৱা কিবা চলিছে নেকি। কিন্তু ব্যক্তিগতভাবে মই হোটেল লৈ নাযাও।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|