உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ডাক্তৰৰ পুত্ৰ যদি ডাক্তৰ হয়, ৰাজনীতিকৰ পুত্ৰ ৰাজনীতিক হ'লে সমস্যা ক'ত? এইবাৰ নতুন যুক্তি কংগ্ৰেছ নেতা অকন বৰাৰ

    ডাক্তৰৰ পুত্ৰ যদি ডাক্তৰ হয়, ৰাজনীতিকৰ পুত্ৰ ৰাজনীতিক হ'লে সমস্যা ক'ত? এইবাৰ নতুন যুক্তি কংগ্ৰেছ নেতা অকন বৰাৰ

    দিছপুৰ সমষ্টি কংগ্ৰেছে আঞ্চলিক গণ মৰ্চাক এৰি দিব বুলি চৰ্চা চলাৰ সন্দৰ্ভতো অকন বৰাই কৰে বিশেষ মন্তব্য

    দিছপুৰ সমষ্টি কংগ্ৰেছে আঞ্চলিক গণ মৰ্চাক এৰি দিব বুলি চৰ্চা চলাৰ সন্দৰ্ভতো অকন বৰাই কৰে বিশেষ মন্তব্য

    দিছপুৰ সমষ্টি কংগ্ৰেছে আঞ্চলিক গণ মৰ্চাক এৰি দিব বুলি চৰ্চা চলাৰ সন্দৰ্ভতো অকন বৰাই কৰে বিশেষ মন্তব্য

    • Share this:
    কংগ্ৰেছত চলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। সৰ্বত্ৰ এই অভিযোগ শুনিবলৈ পোৱা যায়। এতিয়া এই সন্দৰ্ভত যুক্তি আগবঢ়াইছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাই।অকন বৰাই কয় যে, 'ডক্টৰৰ পুত্ৰ যদি ডাক্টৰ হয়,  অভিজন্তাৰ পুত্ৰ যদি অভিযন্তা হয়, তেন্তে ৰাজনীতিকৰ পুত্ৰই ৰাজনীতি কৰিলে সমস্যা ক'ত ?' উল্লেখ্য যে, অকন বৰাৰ পুত্ৰ মানস বৰাক হাজো সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

    ইফালে দিছপুৰ সমষ্টি কংগ্ৰেছে আঞ্চলিক গণ মৰ্চাক এৰি দিব বুলি চৰ্চা চলাৰ সন্দৰ্ভত অকন বৰাই কয় যে,  'কংগ্ৰেছৰ বোকোচাত উঠি দিছপুৰত জনপ্ৰতিনিধি হোৱাৰ সপোন দেখিছে কংগ্ৰেছৰ মহাজোঁট বন্ধনত থকা আঞ্চলিক গণ মৰ্চাই ৷ কিন্তু নতুন ৰাজনৈতিক দলটোৰ এতিয়ালৈ নাই কোনো সংগঠন ৷ নাই কোনো গণভিক্তি ৷'

    উল্লেখ্য যে, পূৰ্বে সমষ্টিটোৰ পৰা জনপ্ৰতিনিধি হোৱা অকন বৰাই মহাজোঁট বন্ধনৰ বাবে এইবাৰ হেৰুৱাব লাগিব টিকট ৷ এয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ যাৰ ফলত এতিয়া ক্ষোভিত হৈছে  জ্যেষ্ঠ কংগ্ৰেছী অকন বৰা ৷ সমষ্টিটোত কংগ্ৰেছী প্ৰাৰ্থীক টিকট দিলে জয় প্ৰায় নিশ্চিত আছিল বুলি দাবী কৰি অকন বৰাই কয়  যে,  গণভিক্তিহীন নতুন দলক আসন এৰি দিব বিচৰাটো কংগ্ৰেছ হাইকামাণ্ডৰ একপ্ৰকাৰ চূড়ান্ত ভুল।
    Published by:Himangshu Bhuyan
    First published: