প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰীত দুটাকৈ আই ই ডি উদ্ধাৰ, কি ক’লে আলফা স্বাধীনে?

News18 Assam | News18-Assam
Updated:February 6, 2020, 7:06 AM IST
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰীত দুটাকৈ আই ই ডি উদ্ধাৰ, কি ক’লে আলফা স্বাধীনে?
আলফা স্বাধীনে অস্বীকাৰ কৰিছে এই কথা। আলোচনা প্ৰক্ৰিয়া আগবঢ়াৰ সময়ত এনে কাম আমি নকৰো বুলি মন্তব্য কৰিছে আলফা স্বাধীনে।

আলফা স্বাধীনে অস্বীকাৰ কৰিছে এই কথা। আলোচনা প্ৰক্ৰিয়া আগবঢ়াৰ সময়ত এনে কাম আমি নকৰো বুলি মন্তব্য কৰিছে আলফা স্বাধীনে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে যোৱানিশা মহানগৰীত উদ্ধাৰ হয় দুটাকৈ আই ই ডি। পাণবজাৰ আৰু পল্টনবজাৰত উদ্ধাৰ হয় IED দুটা। গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত পলিথিনত ভৰাই থোৱা অৱস্থাত এটা IED উদ্ধাৰ হোৱাৰ লগতে আনটো উদ্ধাৰ হয় পাণবজাৰৰ এটা নলাত। আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় IED দুটা। লগে লগে ঘটনাস্থলীত উপস্থিত হয় বোমা বিশেষজ্ঞৰ দল। পিছত নিশা চৰ্তুথ আৰক্ষী বেটেলিয়নত নিস্ক্ৰিয় কৰা হয় উদ্ধাৰ হোৱা IED দুটা।

আলফা সদস্য ৰক্তিম গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। মঙলবাৰে তিনিচুকীয়াৰ পেঙেৰীত আটক কৰিছিল ৰক্তিম গগৈক। এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে অৱগত কৰিছিল মহানগৰ আৰক্ষীক। বুধবাৰে দিনৰ ভাগতো দক্ষিণ কামৰূপৰ পানীখাইতীত মথাউৰিৰ কাষত উদ্ধাৰ হৈছিল চাৰিটা হস্তনিৰ্মিত বোমা।

গুৱাহাটীত IED উদ্ধাৰৰ সংস্থাপনৰ আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইয়াৰ বিপৰীতে আলফা স্বাধীনে অস্বীকাৰ কৰিছে এই কথা। আলোচনা প্ৰক্ৰিয়া আগবঢ়াৰ সময়ত এনে কাম আমি নকৰো বুলি মন্তব্য কৰিছে আলফা স্বাধীনে। উল্লেখযোগ্য যে সাৰ্বভৌম স্বাধীন অসমক লৈ আলোচনাৰ চৰ্ত দিছিল পৰেশ বৰুৱাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি