আকৌ পুলৱামাত চি আৰ পি এফৰ কনভয়লৈ লক্ষ্য কৰি IED বিস্ফোৰণ সন্ত্ৰাসবাদীৰ

News18 Assam | News18-Assam
Updated:July 5, 2020, 10:52 AM IST
আকৌ পুলৱামাত চি আৰ পি এফৰ কনভয়লৈ লক্ষ্য কৰি IED বিস্ফোৰণ সন্ত্ৰাসবাদীৰ
এজন চি আৰ পি এফ জোৱানে হাতত আঘাত পাইছে এই বিস্ফোৰণত।

এজন চি আৰ পি এফ জোৱানে হাতত আঘাত পাইছে এই বিস্ফোৰণত।

  • Share this:
আকৌ টাৰ্গেট পুলৱামা। চিআৰপিএফৰ কনভয়লৈ লক্ষ্য কৰি IED বিস্ফোৰণ। বিস্ফোৰণত আহত হয় এজন জোৱান। আৰক্ষীৰ ফালৰ পৰা জনোৱা অনুসৰি, দেওবাৰে পুৱা ৭.৪০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। কিন্তু এই বিস্ফোৰণৰ প্ৰাবল্য কম আছিল।

এজন চি আৰ পি এফ জোৱানে হাতত আঘাত পাইছে এই বিস্ফোৰণত। জোৱানজনৰ অৱস্থা সুস্থিৰ। উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত হৈছে ঘটনাস্থলীত। সমগ্ৰ এলেকাটো ঘেৰাও কৰি ৰখা হৈছে।

CRPFৰ এজন বিষয়াই জনায় যে সন্ত্ৰাসবাদীয়ে চিআৰপিএফ বাহিনীক লক্ষ্য কৰি এই বিস্ফোৰণ ঘটায়। ২০১৯ৰ দৰেই পুনৰ ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।


First published: July 5, 2020, 10:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি