মুখ্যপৃষ্ঠা »খবৰ »অসম »UPSC Result 2023: ইউ পি এছ চিত ২৯৮ স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে মহম্মদ ইদুল আহমেদে

UPSC Result 2023: ইউ পি এছ চিত ২৯৮ স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে মহম্মদ ইদুল আহমেদে

উঠি অহা প্ৰজন্মক ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবলৈ কেতবোৰ পৰামৰ্শ প্ৰদান কৰে মহম্মদ ইদুল আহমেদে।

  • Share this:
দেশজুৰি ঘোষণা হ'ল সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ ফলাফল। এইবাৰৰ ফলাফলত জিলিকিল কেইবাগৰাকী অসম সন্তান। ইউ পি এছ চিত ২৯৮ স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে মহম্মদ ইদুল আহমেদে।

উল্লেখ্য যে তেওঁ বৰ্তমান ভাৰতীয় ৰে'ল বিভাগৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত। তেওঁ গুৱাহাটী ৰে'ল ষ্টেচনৰ CDO অৰ্থাৎ Coaching Depot Officer হিচাপে নিয়োজিত হৈ আছে।

২০১৬ চনত Indian Engineering Serviceত মেকানিকেল ইঞ্জিনিয়াৰিঙত সমগ্ৰ দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ। এই সফলতাক লৈ যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে তেওঁ।

২০১৭ চনৰ পৰাই সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলি ব্যক্ত কৰি নিজৰ সংগ্ৰামত পত্নী, পৰিয়াল তথা বন্ধু-বান্ধৱৰ বহু অৰিহণা আছে বুলি জানিবলৈ দিয়ে আহমেদে।

উঠি অহা প্ৰজন্মক ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবলৈ কেতবোৰ পৰামৰ্শ প্ৰদান কৰে মহম্মদ ইদুল আহমেদে। উল্লেখ্য, আজি ফলাফল ঘোষণাৰ দিনটোতো সন্ধিয়া ভাগত নিজৰ দৈনিক কৰ্তব্য পালন কৰি কামাখ্যা ৰে'ল ষ্টেচনত উপস্থিত হয় তেওঁ।

শেহতীয়া বাতৰি