কাল কোৰোণাই মাধমাৰ শোধাইছে এইসকল শিল্পীক, তীব্ৰ আৰ্থিক সংকটত ভুগিছে খনিকৰসকল

News18 Assam | News18-Assam
Updated:August 16, 2020, 1:36 PM IST
কাল কোৰোণাই মাধমাৰ শোধাইছে এইসকল শিল্পীক, তীব্ৰ আৰ্থিক সংকটত ভুগিছে খনিকৰসকল
সন্মুখত দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা। কিন্তু এতিয়ালৈকে এটাও অৰ্ডাৰ লাভ কৰা নাই মৃন্ময় শিল্পীসকলে।

সন্মুখত দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা। কিন্তু এতিয়ালৈকে এটাও অৰ্ডাৰ লাভ কৰা নাই মৃন্ময় শিল্পীসকলে।

  • Share this:
কাল কোৰোণাই কাকো এৰা নাই। ধনী-দুখীয়া সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। বাদ পৰা নাই ব্যৱসায়-বাণিজ্য বা শিল্পৰ লগত জড়িত শিল্পীসকলো। লকডাউনৰ বাবে তীব্ৰ আৰ্থিক সংকটত ভুগিছে মৃন্ময় শিল্পীসকলো।

ধুবুৰী জিলাৰ হাতীধূৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীধূৰা, তামাৰহাট বজাৰত যুগ যুগ ধৰি মৃন্ময় শিল্পৰ সৈতে জড়িত শিল্পীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। আনহাতে, গোসাঁইগাঁও, শ্ৰীৰামপুৰ আদি অঞ্চলৰ শতাধিক পৰিয়ালে এই শিল্পৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আহিছে।

কিন্তু এইবেলি কোৰোণাৰ বাবে পূজা–পাৰ্বনৰ সংখ্যা কমিছে। মানুহৰ অভাৱ অভিযোগ বাঢ়িছে। যাৰ বাবে দেৱ–দেৱীৰ মৃন্ময় মূৰ্তি বিক্ৰী কমি আহিছে। সন্মুখত দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা। কিন্তু এতিয়ালৈকে এটাও অৰ্ডাৰ লাভ কৰা নাই মৃন্ময় শিল্পীসকলে। ককা, আজোককাকৰ দিনৰ পৰা মৃন্ময় শিল্পৰ লগত জড়িত পৰিয়ালসমূহ এতিয়া মহা সংকটত পৰিছে।

উপাৰ্জনৰ আন পথ নথকাত এই শিল্পকৰ্মৰ লগত জড়িত এই পৰিয়ালসমূহৰ চলিব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হৈছে। সেয়েহে চৰকাৰক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মৃন্ময় শিল্পীসকলে।
Published by: Sanjay Kumar Das
First published: August 16, 2020, 1:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading