মঙলবাৰে অসম জাতীয় পৰিষদে দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সৰ সৈতে এখন যুটীয়া সংবাদমেল সম্বোধন কৰে।
মঙলবাৰে অসম জাতীয় পৰিষদে দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সৰ সৈতে এখন যুটীয়া সংবাদমেল সম্বোধন কৰে।
মঙলবাৰে অসম জাতীয় পৰিষদে দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সৰ সৈতে এখন যুটীয়া সংবাদমেল সম্বোধন কৰে। সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয় য়ে, 'AJP আৰু তিপ্ৰা দুয়োটা ৰাজনৈতিক দল আজি একত্ৰিত হৈছে। অসম আৰু ত্ৰিপুৰাত খিলঞ্জীয়াসকলে বিপদৰ সন্মুখীন হৈছে। ত্ৰিপুৰাৰ দৰে অসমতো তেনে পৰিৱেশ হোৱাৰ আশংকা আছে। যেনেকৈ ককবৰক বিপদাপন্ন হৈছে, অসমীয়াৰো সংকটৰ ক্ষণ মানুহে দেখিছে। ঐক্যবদ্ধভাৱে ৰাজনৈতিক অবিচাৰৰ বিৰুদ্ধে সংকল্প গ্ৰহণ, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৃথিৱীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহলৈ এই বাৰ্তা লৈ যোৱা হ'ব। ঐক্যবদ্ধভাৱে সুকীয়া ত্ৰিপুৰালেণ্ডৰ দাবীক সমৰ্থন কৰিছো অসম জাতীয় পৰিষদেও।'
সংবাদমেলত উপস্থিত থকা প্ৰদ্যুৎ দেৱবৰ্মনে কয় যে,'গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ সমৰ্থন দিয়া উত্তৰ পূৱৰ প্ৰথম দল এজেপি। অনাগত দিনত সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিয়েই সকলো পদক্ষেপ লোৱা হ'ব। ২০২৬ৰ ডিলিমিটেচনৰ পূৰ্বে ঐক্যবদ্ধ নহ'লে সকলো শেষ হৈ যাব।
গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ বাহিৰে অন্য একো পথ নাই। ভাৰত চৰকাৰৰ খিলঞ্জীয়াৰ প্ৰতি থকা অনিহাই এনে সমস্যাৰ সৃষ্টি কৰিছে। উঃপূঃৰ ইতিহাসক আমি সকলোৱে সন্মান কৰিব লাগিব। মই ব্যক্তিগতভাৱে লাচিত বৰফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত। সেয়ে সন্মানপ্ৰদৰ্শনৰ বাবে লাচিত বৰফুকনৰ প্ৰতিমুৰ্তি ত্ৰিপুৰাত নিৰ্মাণ কৰা হ'ব। কংগ্ৰেছ, বিজেপি, চিপিএম নহয় খিলঞ্জীয়াৰ সৈতে চামিল হ'ব লাগিব। যদি খিলঞ্জীয়া নেতা নাই বুলি ভাবি বেলেগ নেতা আমদানি কৰিব বিচাৰিছে কৰক। যদি তৃণমূল দলে সুস্মিতা দেবক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছে কৰক। আমাৰ দাবী গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ, দাবী পুৰণ কৰক, বাকী যি কৰে কৰক। কংগ্ৰেছে সদায় বেলেঞ্চ কৰি চলিব বিচাৰে বাবে যুঁজ দিব নোৱাৰা হৈছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|