உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ঘৃণাৰ পৃথিৱীত মানৱতাৰ জয়গান, দীপক–দীপাই পোহৰাইছে চাহ বাগিছাৰ চন্দন, গৌতম, জিতুমণিহঁতৰ জীৱন

    ঘৃণাৰ পৃথিৱীত মানৱতাৰ জয়গান, দীপক–দীপাই পোহৰাইছে চাহ বাগিছাৰ চন্দন, গৌতম, জিতুমণিহঁতৰ জীৱন

    চাহ বাগিছাৰ আদৰ্শ দম্পত্তি।

    চাহ বাগিছাৰ আদৰ্শ দম্পত্তি।

    চাহ বাগিছাৰ আদৰ্শ দম্পত্তি।

    • Share this:
    যান্ত্ৰিকতাময় সমাজত মানৱতাৰ চূড়ান্ত অৱক্ষয় ঘটিছে।হেৰাই গৈছে মানৱীয়তা।কিন্তু তেনে সময়তে আমগুৰিৰ বৰছিলা চাহ বাগিচাৰ দীপক কুৰ্মী নামৰ এগৰাকী ব্যক্তিৰ আদৰ্শ দেখিলে আপুনি অভিভূত হব। পেছাত দীপক কুৰ্মী আমগুৰি বৰছিলা চাহ বাগিচাৰ বৰুৱা শাখাৰ পৰিচালক। সৰুৰেপৰা অতি কষ্টৰ মাজেৰে ডাঙৰ হোৱা উচ্চ শিক্ষিত দীপক কুৰ্মীৰ মহানতা এতিয়া বিশেষভাৱে চৰ্চালৈ আহিছে।

    চাহ বাগিচাৰ দহজনকৈ কিশোৰ কিশোৰীৰ বাবে ভগৱান সদৃশ হৈ পৰিছে দীপক কুৰ্মী। কাৰণ আৰ্থিক দীনতাই কোঙা কৰা পৰিয়ালত জন্ম লোৱা গৌতম, চন্দনকে মুখ্য কৰি দহজনকৈ শিশুক নিজ উপাৰ্জনেৰে নিজ ঘৰতে তুলি তালি ডাঙৰ দীঘল কৰিছে দীপক কুৰ্মীয়ে। দীপক কুৰ্মী আৰু তেওঁৰ সহধৰ্মিনী দীপা কুৰ্মীৰ আবদাৰত ডাঙৰ হোৱা গৌতমহঁত আজি নিজৰ ভৰিত থিয় দিবলৈ সক্ষম।
    সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চন্দন নাম কিশোৰজনে ৯৬ % নম্বৰেৰে উজ্বলি উঠিছে।অকল সেয়াই নহয় , গৌতম নামৰ পোষ্য যুৱকজনে ইতিমধ্যে চাহ বাগিচাৰ গাণনিক পদত সংস্থাপন পাইছে। একেদৰে জিতুমণি আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ বি এচ চি নাৰ্চিঙৰ ছাত্ৰী। এই দহ জন কিশোৰ–কিশোৰীক তুলিতালি ডাঙৰ দীঘল কৰা দীপা কুৰ্মীক মা সম্বোধন কৰে তেওঁলোকে। আৰু মাতৃৰ দৰেই যেন মমতাময়ী তেওঁ। কোনোদিন মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়া দীপা কুৰ্মীয়ে নিজৰ সন্তানৰ দৰেই জ্ঞান কৰে এওঁলোকক।
    এক অনন্য পৃথিৱী। আজিৰ সমাজত দীপক আৰু দীপা কুৰ্মীৰ মহানতা সচাই আদৰ্শনীয়, সঁচাই অনুকৰণীয়।
    First published: