মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা বুঢ়া আৰক্ষী চকীৰ IC মহেন্দ্ৰ শৰ্মাক নিলম্বন

৯ ছেপ্টেম্বৰৰ পুৱতিনিশা তিনি মহিলাৰ ওপৰত মহেন্দ্ৰ শৰ্মাই চলাইছিল অমানুষিক নিৰ্যাতন। IC মহেন্দ্ৰ শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাছিল গৰ্ভৱতী মহিলাও।

News18-Assam
Updated:September 17, 2019, 6:54 PM IST
মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা বুঢ়া আৰক্ষী চকীৰ IC মহেন্দ্ৰ শৰ্মাক নিলম্বন
৯ ছেপ্টেম্বৰৰ পুৱতিনিশা তিনি মহিলাৰ ওপৰত মহেন্দ্ৰ শৰ্মাই চলাইছিল অমানুষিক নিৰ্যাতন। IC মহেন্দ্ৰ শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাছিল গৰ্ভৱতী মহিলাও।
News18-Assam
Updated: September 17, 2019, 6:54 PM IST
নিলম্বিত হ’ল দৰঙৰ বুঢ়া আৰক্ষী চকীৰ IC মহেন্দ্ৰ শৰ্মা। NEWS18ৰ ধাৰাবাহিক বাতৰিৰ পিছতে নিলম্বন কৰা হয় আৰক্ষী বিষয়াজনক। মহেন্দ্ৰ শৰ্মাৰ লগতে মহিলাক নিৰ্যাতনত সহযোগ কৰা মহিলা কনিষ্টবলগৰাকীকো নিলম্বন কৰা হৈছে। দুয়োৰে বিৰুদ্ধে দৰং আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

৯ ছেপ্টেম্বৰৰ পুৱতিনিশা তিনি মহিলাৰ ওপৰত মহেন্দ্ৰ শৰ্মাই চলাইছিল অমানুষিক নিৰ্যাতন। IC মহেন্দ্ৰ শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাছিল গৰ্ভৱতী মহিলাও। যি তিনিগৰাকী মহিলাক থানাৰ ভিতৰত উলংগ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল, তাৰ ভিতৰত এগৰাকী মহিলা আছিল গৰ্ভৱতী। দুমাহৰ গৰ্ভৱতী আছিল মহিলাগৰাকী। গৰ্ভৱতী মহিলাগৰাকীয়ে বাৰে বাৰে কাকুতি–মিনতি কৰাৰ পিছতো ক্ষান্ত হোৱা নাছিল পাষাণ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা।

আন দুগৰাকী মহিলাৰ লগতে গৰ্ভৱতী মহিলাগৰাকীৰ ওপৰতো নৃশংসভাৱে প্ৰহাৰ কৰি গৈছিল আৰক্ষী বিষয়াজনে। যাৰ ফলত মহিলাগৰাকীৰ গৰ্ভপাত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আচামীক নাপাই তিনি যুৱতী–মহিলাক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল আৰক্ষী বিষয়াজনে।

যুৱতী–মহিলাকেইগৰাকীৰ ভাতৃ ৰফুল আলীয়ে পলুৱাই আনিছিল এগৰাকী যুৱতীক। যুৱতীগৰাকীৰ পৰিয়ালে বুঢ়া আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। কিন্তু যুৱকজনক বিচাৰি নাপাই আৰক্ষীয়ে গুৱাহাটীত থকা যুৱকজনৰ দুই বায়েক আৰু এগৰাকী ভনীয়েকক উঠাই নি চলাইছিল নিৰ্যাতন।

নিৰ্যাতনৰ ঘটনাক লৈ এজাহাৰ দিলে গুলীয়াই মৰাৰ ভাবুকিও প্ৰদান কৰিছিল IC মহেন্দ্ৰ শৰ্মাই। পিছত যুৱকজনে আত্মসমৰ্পণ কৰিছিল বুঢ়া আৰক্ষী চকীত।

১০ ছেপ্টেম্বৰত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে। ৭ দিনেও গোচৰ পঞ্জীভূক্ত নকৰিলে আৰক্ষীয়ে। এই ঘটনাৰ পিছতে মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে। কিন্তু বিষয়টো গাপ দিয়াৰ চেষ্টাহে কৰিছিল আৰক্ষী অধীক্ষকে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি