জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ৰবি কাপুৰৰ উদ্ধতালি, হাফ পেণ্ট পিন্ধি ফ্লেগ–অফ কৰিলে সম্পৰ্ক যাত্ৰাৰ

ছাৰ্ভিচ ৰুলত থকা ড্ৰেছ ক’ডৰ নিয়ম ভংগ কৰি মন্ত্ৰী–বিধায়কৰ দলটোৰ আগত হাফ পেণ্ট পিন্ধা অৱস্থাত দেখা গ’ল এইগৰাকী বিষয়াক।

news18assam
Updated:June 28, 2019, 1:48 PM IST
জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ৰবি কাপুৰৰ উদ্ধতালি, হাফ পেণ্ট পিন্ধি ফ্লেগ–অফ কৰিলে সম্পৰ্ক যাত্ৰাৰ
ছাৰ্ভিচ ৰুলত থকা ড্ৰেছ ক’ডৰ নিয়ম ভংগ কৰি মন্ত্ৰী–বিধায়কৰ দলটোৰ আগত হাফ পেণ্ট পিন্ধা অৱস্থাত দেখা গ’ল এইগৰাকী বিষয়াক।
news18assam
Updated: June 28, 2019, 1:48 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচী সফল কৰা আৰু চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ অসম চৰকাৰে আৰম্ভ কৰিছে সম্পৰ্ক যাত্ৰা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত এটা ১১জনীয়া দল ৰাওনা হৈছিল চুবুৰীয়া বাংলাদেশলৈ। কিন্তু এই সম্পৰ্ক যাত্ৰাৰ শুভ উদ্বোধনীৰ সময়ত দৃষ্টিকটু ৰূপত দেখা গ’ল এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াক।
ছাৰ্ভিচ ৰুলত থকা ড্ৰেছ ক’ডৰ নিয়ম ভংগ কৰি মন্ত্ৰী–বিধায়কৰ দলটোৰ আগত হাফ পেণ্ট পিন্ধা অৱস্থাত দেখা গ’ল এইগৰাকী বিষয়াক।


দৃষ্টিকটুভাৱে এজন মন্ত্ৰীৰ নেতৃত্বত যোৱা আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ফ্লেগ–অফ কাৰ্যসূচীত অমাৰ্জিত পোছাক পৰিধান কৰা উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰৰ এই ছবি ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে প্ৰশাসনিক বিষয়াৰ অনুশাসনহীনতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে।



অসম চৰকাৰে চৰকাৰী কাৰ্যালয়ত নিৰ্দিষ্ট দিন–বাৰত জাতীয় সাজ পৰিধান কৰাৰ আহ্বান জনাইছিল। প্ৰথম কেইদিনমান একাংশ বিষয়া–কৰ্মচাৰীয়ে সানন্দেৰে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল যদিও পৰৱৰ্তী সময়ত এই কৃষ্টি ৰখাৰ ধামখুমীয়া ফোটোকাৰ ফেনত পৰিণত হয়।

জাতীয় সাজ বাদেই, এতিয়া মাৰ্জিত এজোৰ পোছাক পৰিধান কৰাও যেন সাধ্যৰ বাহিৰৰ কথা হৈ পৰিছে উদ্ধতালিৰে ৰাইজৰ সমালোচনাৰ বিষয় হৈ পৰা একাংশ বিষয়া। ছাৰ্ভিচ ৰুলত থকা ড্ৰেছ ক’ডৰ নিয়ম ভংগ কৰা এইগৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’বনে?
আৰু চাওক পৰৱৰ্তী বাতৰি