ৰাজ্যৰ জটিল সন্ধিক্ষণত অসমীয়া IAS কুমাৰ সঞ্জয় কৃষ্ণক মুখ্য সচিব পদত নিযুক্তি

News18 Assam | News18-Assam
Updated:December 25, 2019, 11:17 AM IST
ৰাজ্যৰ জটিল সন্ধিক্ষণত অসমীয়া IAS কুমাৰ সঞ্জয় কৃষ্ণক মুখ্য সচিব পদত নিযুক্তি
আলোক কুমাৰৰ পৰা ৩১ ডিচেম্বৰত মুখ্য সচিবৰ দায়িত্ব ল'ব

আলোক কুমাৰৰ পৰা ৩১ ডিচেম্বৰত মুখ্য সচিবৰ দায়িত্ব ল'ব

  • News18 Assam
  • Last Updated: December 25, 2019, 11:17 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসম উতপ্ত হৈ থকা সময়তে ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি দিলে এজন অসমীয়া IAS বিষয়াক৷ এই হিচাপত কুমাৰ সঞ্জয় কৃষ্ণই অহা ৩১ ডিচেম্বৰত আলোক কুমাৰৰ পৰা মুখ্য সচিবৰ দায়িত্বত ভাৰ গ্ৰহণ কৰিব৷

নাগৰিকত্ব সংশোধনী আইন বিৰোধী ব্যাপক গণ আন্দোলনক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'লে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ এই সিদ্ধান্ত মৰ্মে ১৯৮৫ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কুমাৰ সঞ্জয় কৃষ্ণক নিযুক্তি দিয়া হৈছে পৰৱৰ্তী মুখ্য সচিব হিচাপ৷

১৯৬০ চনৰ ৩১ জানুৱাৰীত যোৰহাটত জন্ম গ্ৰহণ কৰা কুমাৰ সঞ্জয় কৃষ্ণই যোৰহাট গৱৰ্ণমেণ্টৰ পৰা ১৯৭৬ত মেট্ৰিক, কটন কলেজৰ পৰা বিজ্ঞান শাখাত হায়াৰ চেকেণ্ডাৰী, চেন্ট ষ্টিফেন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷

উল্লেখ যোগ্য যে যোৰহাটৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মজীৱন আৰম্ভ কৰা সঞ্জয় কৃষ্ণই মৰিগাঁওৰ SDO, শোণিতপুৰৰ উপায়ুক্ত, অবিভক্ত কামৰূপৰ উপায়ুক্ত, চাহ ব’ৰ্ডৰ সঞ্চালক, কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব আৰু অতিৰিক্ত সচিব হিচাপে ডেপুটেছনত দায়িত্ব চম্ভালিছিল ৷

কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনৰ পৰা অসমলৈ উভতি আহি এইগৰাকী অসম সন্তান IAS বিষয়া কুমাৰ সঞ্জয় কৃষ্ণই গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ অহা ৩১ ডিচেম্বৰত মুখ্য সচিবৰ চকীত বহিবলগীয়া কুমাৰ সঞ্জয় কৃষ্ণই ৰাজ্যৰ সকলো স্তৰৰ লোকৰ সহায়-সহযোগিতা কামনা কৰিছে ৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি