অসম তথা উত্তৰপূৰ্বৰ ৰাজনীতিত খোপনি পুতিবলৈ চেষ্টা কৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী (Mamata Banerjee)ক বংগতে তুলা-ধূনা দিলে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলিগুৰিত আজি হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কটাক্ষ কৰি কয় যে মমতা বেনাৰ্জী অসমলৈ আহিলে তেওঁ মমতাক ৰঙা দলিচা পাৰি দিব।
হিমন্ত বিশ্ব শৰ্মাই কয়, "মই তেওঁক ৰঙা দলিচা পাৰি অসমলৈ আদৰণি জনাম। কাৰণ তেওঁ (মমতা বেনাৰ্জী) যিমান বেছি অসম আৰু ত্ৰিপুৰা (Tripura) ভ্ৰমণ কৰিব সিমানেই বেছি বিজেপিৰ লাভ হ'ব।"
তেওঁ আৰু কয়, "অসম আৰু পশ্চিমবংগ (West Bengal)ত একেলগে নিৰ্বাচন হৈছিল কিন্তু অসমত এটা ঘৰলৈও কোনেও শিলগুটি মৰা নাছিল। কিন্তু পশ্চিমবংগত আদালতে CBI তদন্ত দিবলৈ বাধ্য হৈছে। "
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "সুস্মিতা দেৱ (Susmita Dev) আৰু TMCৰ মুৰব্বী মমতাই কেৱল AIUDF আৰু কংগ্ৰেছৰ ভোটহে বিভাজন কৰিব যিটোৱে বিজেপিক লাভান্বিত কৰিব।"
মমতা বেনাৰ্জী অসমলৈ আহিব এই সম্পৰ্কে সাংবাদিকে প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰী শৰ্মাই আকৌ কয় যে অসমলৈ গৈ মমতা বেনাৰ্জীয়ে কৰিবলৈ কি আছে! গৈ মাৰ আশীৰ্বাদ লৈ গুচি আহিব লাগিব।
উল্লেখ্য যে শেহতীয়াকৈ অসমত ভেটি মজবুট কৰিবলৈ অখিল গগৈ আৰু সুস্মিতা দেৱক মোহৰা কৰি লৈছে মমতা বেনাৰ্জীয়ে। সুস্মিতা দেৱে কংগ্ৰেছ এৰি ইতিমধ্যে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাই শিলিগুৰিত মৰিয়নিৰ প্ৰাক্তন বিধায়ক আলোক ঘোষৰ ঘৰলৈ গৈ প্ৰয়াত বিধায়কজনক শ্ৰদ্ধাঞ্জলি জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|